বৰপেটা, 1 জানুৱাৰী : প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ হাতত ধৰা পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ শুকুৰবাৰে বৰপেটাৰ বাৰাদিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ তিনিজন লোকক আটক কৰে (Police arrested three people with drugs) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে এখন ৱেগনাৰ বাহনৰ সন্দেহজনক স্থিতি ধৰা পৰে ৷ আৰক্ষীৰ দলটোৱে বাহনখন ৰখাই তন্ন-তন্নকৈ পৰীক্ষা কৰি বাহনৰ ভিতৰত এটা ব্ৰাছ থোৱা বাকচৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ৷
অবৈধভাৱে ড্ৰাগছ কঢ়িয়াই ৰঙাঘৰৰ আলহী তিনি যুৱক - Three people with drugs in Barpeta
ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান আৰক্ষীৰ ৷ বৰপেটাত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে আৰক্ষীয়ে (Police arrested three people with drugs) ৷
ৰঙাঘৰৰ আলহী হ’ল তিনিজন যুৱক
আটকাধীন হোৱা লোক কেইজন হল বৰপেটাৰ জনিয়াৰ সীমান্ত কুমাৰ ওজা, মুকালমুৱাৰ আলি হুছেইন আৰু চোনি আলী ৷ ব্ৰাছ থোৱা বাকচটোৰ পৰা আৰক্ষীয়ে প্লাষ্টিকৰ 12 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷ বৰ্তমান আৰক্ষীয়ে তিনিওকে নিজৰ জিম্মাত ৰাখি ড্ৰাগছৰ ঘাটিৰ বিষয়ে জানিবলৈ জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :Illegal sand mining in Sivsagar : কাৰ ছত্র ছাঁয়াত শিৱসাগৰত চলিছে বালি-মাফিয়াৰ অবাধ খনন