বৰপেটা, ২১ জুন: ড্ৰাগছ ব্যৱসায়ীক নাকী লগাবলৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন । প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে অভিযান । আৰক্ষীৰ জালত পৰিছে কেইবাটাও ড্ৰাগছ ব্যৱসায়ী । নৱ প্ৰজন্মক অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা বন্ধ কৰিবলৈ অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।
বৰপেটাতো অব্যাহত আছে আৰক্ষীৰ ধাৰাবাহিক অভিযান । কিন্তু, আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতো বৰপেটাত ড্ৰাগছৰ ব্যৱসায় চলাই আছে একাংশ অসাধু লোকে ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীয়ে চলোৱা অভিযানত আটক হ'ল এটা ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটাৰ দত্তকুছি গাঁৱৰ ৰুবুল খান ৷
আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰাৰ লগতে ব্যৱসায়ীটোৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি ৫ টা কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ দীৰ্ঘ দিন ধৰি বৰপেটা আৰু হাউলী চহৰৰ লগতে দাবালিয়াপাৰা-দত্তকুছি অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাই থকা ৰুবুল খানক ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে দত্তকুছিৰ পৰা আৰক্ষীয়ে আটক কৰে । কেৱল ৰুবুল খানেই নহয়, এনে বহু লোক আছে, যি অবৈধভাৱে ড্ৰাগছৰ বেহা চলাই আহিছে ।