বৰপেটা ৰোড, 26 এপ্ৰিল : আৰক্ষীৰ জালত পৰিছে মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈ যুৱক-যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰা এটাৰ পিচত আনটো দুৰ্বৃত্ত ৷ ৰাজ্য জোকাৰি যোৱা বৰপেটা ৰোড কাণ্ডৰ সৈতে জড়িত আৰু এটা অভিযুক্তক মংগলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে, 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰপেটা ৰোডৰ কলহভাঙ্গা চাইনব’ৰ্ডৰ সমীপৰ এখন ধাবাত দেহ ব্যৱসায় চলাই থকাৰ অভিযোগত দেওবাৰে একাংশ উত্তেজিত ৰাইজে ধাবাখনত প্ৰৱেশ কৰি ধাবাখন ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধাবাখনত দেহ ব্যৱসায় কৰাৰ অভিযোগত দুগৰাকীকৈ যুৱতীক দলৱদ্ধভাৱে আক্ৰমণ কৰিছিল ৷ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ (Barpeta sex racket moral police incident) ৷
আৰক্ষীৰ অনুপস্থিতিত একাংশ উত্তেজিত যুৱকে মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈছিল ৷ বাঁহেৰে কোবাই, লথিয়াই, গতিয়াই উত্তেজিত যুৱকে প্ৰহাৰ কৰিছিল যুৱক-যুৱতীসকলক ৷ এই দৃশ্য ভাইৰেল হৈ পৰাৰ পিচতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সচেতন মহলত ৷ ইয়াৰ পিচতে আইন নিজৰ হাতত তুলি লোৱা লোকৰ বিৰুদ্ধে বৰপেটা ৰোড আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখি ভিডিঅ’ ক্লিপৰ জৰিয়তে চিনাক্ত কৰি মংগলবাৰে ঘটনা সংক্ৰান্তত ১০টা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Police Arrest 11 Moral Police related to barpeta incident) ৷