অসম

assam

ETV Bharat / state

বৰপেটাৰোডত আটক দেহ ব্যৱসায়ী চক্ৰ - barpeta two women trafficker

আৰক্ষীৰ অভিযানত বৰপেটাৰোড ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বেকী ধাবাত এক নাৰী দেহ ব্যৱসায়ী চক্ৰ উৎখাত ৷

বৰপেটাৰোডত আটক দেহ ব্যৱসায়ী চক্ৰ

By

Published : Aug 22, 2019, 11:19 PM IST

বৰপেটা, 22 আগষ্ট : বৰপেটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বেকী ধাবাত অভিযান চলাই বৃহস্পতিবাৰে এক নাৰী দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰে আৰক্ষীয়ে । স্থানীয় লোকৰ সহযোগত বৰপেটাৰোড আৰক্ষীয়ে অভিযানত দেহ ব্য়ৱসায়ৰ লগত জড়িত দুগৰাকী যুৱতীক কৰায়ত্ত কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত বেকী ধাবাখনৰ দুই মেনেজাৰ হৰেন দাস আৰু ৰনজিৎ আৰ্য্যক গ্ৰেপ্তাৰ কৰে ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি এই ধাবাখনত অবৈধ ব্যৱসায় চলি আহিছিল ৷ লগতে দিনৰ ভাগত স্থানীয় কলেজৰ বহু ছাত্ৰছাত্ৰী এই ধাবাখনৰ ভিতৰত থকা সৰু সৰু ৰূমৰ ভিতৰত সোমাই অনৈতিক কাৰ্য্যত লিপ্ত হৈ থাকে বুলিও স্থানীয় লোকে জনাই ৷

বৰপেটাৰোডত আটক দেহ ব্যৱসায়ী চক্ৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details