জনিয়া, 15 জুলাই:জনিয়াৰ কান্দাপাৰা বজাৰত জুৱা খেলৰ এখন মুকলি বেহা ( Illegal Gambling activities at Jania) ৷ বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ কান্দাপাৰা বজাৰৰ মাজমজিয়াত অবৈধ তথা মুকলিকৈ চলি আছে এই বেহা (Open gambling at Jania) ৷ প্ৰাপ্ত তথ্য মতে, দীৰ্ঘদিন ধৰি চলি আছে এই জুৱা খেল । বহুবাৰ জনোৱাৰ পিছতো আৰক্ষীয়ে ৰহস্যজনকভাৱে ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় একাংশ সচেতন লোকে ।
স্থানীয় ৰাইজে বিগত দুমাহ ধৰি কান্দাপাৰা বজাৰৰ গাতে লাগি থকা মিয়াচানত মাৰফত, নাজিম, বাক্কাৰ, হাশ্বেম, লালচান, আনোৱাৰ আৰু শ্বহিদুলৰ নেতৃত্বত বৰপেটা আৰক্ষীক মেনেজ কৰি অনায়াসে অবৈধ জুৱাখেল চলাই আছে বুলি অভিযোগ উত্থাপন কৰিছে ।