অসম

assam

ETV Bharat / state

Allegation against Sorbhog Police: সৰভোগত দালালৰাজৰ বিৰুদ্ধে বিজেপি নেতাৰ সংবাদমেল - Police accused of giving priority to Dalalraj

সৰভোগত আৰক্ষীৰ বিৰুদ্ধে বৰ্তমানেও দালালৰাজক প্ৰাধান্য দি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে বিজেপি নেতাৰ (Police accused of giving priority to Dalalraj) ৷ আৰক্ষী অধীক্ষকক এনে দালালৰাজৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷

BJP leader's press conference against brokers at Sorbhog in Guwahati
সৰভোগত দালালৰাজৰ বিৰুদ্ধে বিজেপি নেতাৰ সংবাদমেল

By

Published : Jul 13, 2022, 8:32 AM IST

বৰপেটাৰোড 12 জুলাই :বৰপেটাৰ সৰভোগত সোমবাৰে সন্দেহযুক্ত ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাকে ধৰি মুস্তাফিজুৰ ৰহমান নামৰ লোকজনক সৰভোগ আৰক্ষীয়ে আটক কৰিছিল (Drugs paddler arrested by Sorbhog Police) । আৰক্ষীয়ে কৰায়ত্ত কৰা অভিযুক্ত দুগৰাকীক নিৰ্দোষী বুলি দাবী কৰি পৰিয়ালৰ লোকৰ লগতে স্থানীয় একাংশ লোকে সৰভোগ আৰক্ষী থানা ঘেৰাও কৰি তেওঁলোকক মুকলি কৰি দিয়াৰ দাবী জনাইছিল ৷

সৰভোগত দালালৰাজৰ বিৰুদ্ধে বিজেপি নেতাৰ সংবাদমেল

আৰক্ষীয়ে বেগম উপাধিৰ মহিলাগৰাকীক থানাত ৰাখি নিশাই মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিয়ে ৷ আৰক্ষীৰ অভিযুক্তজনক মুকলি কৰি দিয়াৰ পাছতে বিজেপিৰ সৰভোগৰ চকচকা মণ্ডল কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে চকচকা মণ্ডল বিজেপিৰ নেতা মহেন দাসে ৷

ড্ৰাগছৰ লগত জড়িত মুল অভিযুক্ত মুস্তাফিজুৰ ৰহমানক আৰক্ষীয়ে দালালৰ জড়িয়তে ২৫ হাজাৰ টকা দাবী কৰি মুকলি কৰি দিয়া বুলিও আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে স্থানীয় বিজেপি নেতাগৰাকীয়ে (BJP leader's press conference against brokers ) ৷ সংবাদমেলত সেই দালালৰ নাম উল্লেখ নকৰি ইয়াৰ বিৰুদ্ধে বৰপেটাৰ আৰক্ষী অধীক্ষকক লিখিতভাৱে অৱগত কৰোৱাৰ পাছতো আৰক্ষীয়ে দালালজনৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰে বিজেপি নেতাগৰাকীয়ে (Allegation against Sorbhog Police) ৷

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক বিভিন্ন সময়ত থানাসমূহত হৈ অহা দালালৰাজ বন্ধ কৰিবলৈ নিৰ্দেশনা দিছিল, সেই সময়তে সৰভোগৰ আৰক্ষী থানাত দালালৰ দপদপনি বৰ্তমানেও চলি থকা বুলি খোদ শাসক পক্ষৰ নেতাসকলেই মুকলিকৈ অভিযোগ উত্থাপন কৰা বিষয়টোৱে সকলোকে চিন্তিত কৰি তুলিছে ৷ অৱশ্যে সৰভোগ আৰক্ষীয়ে দালালৰাজক প্ৰাধান্য দি থকা বিষয়টোৰ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক:Cyber crime in Barpeta : বৰপেটাৰ উপায়ুক্তৰ নামত দুষ্টচক্ৰৰ উপহাৰ দাবী

ABOUT THE AUTHOR

...view details