অসম

assam

ETV Bharat / state

অব্য৷হত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ - পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

১৬ দিন সম্পূৰ্ণ কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী প্ৰতিবাদে (PNRD Contractual Employee Protest) ৷ আন্দোলনৰ প্ৰতি কাণষাৰ নাই চৰকাৰ তথা গাঁও পঞ্চায়তৰ ৷

PNRD CONTRACTUAL EMPLOYEE PROTEST AT KALGACHIA
কলগাছিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

By

Published : Feb 16, 2022, 2:27 PM IST

কলগাছিয়া, 16 ফেব্ৰুৱাৰী :কলগাছিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিগত ১৬ দিন ধৰি অব্যাহত ৰাখিছে অৱস্থান ধৰ্মঘট । কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনত বুধবাৰে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পৰিষদৰ ৰূপসী ব্ল’ক সমিতিৰ উদ্যোগত ৬ দফীয়া দাবীৰ ভিত্তিত ঠিকাভিত্তিক কৰ্মচাৰী জি আৰ এছ সকলে বিগত ১৬ দিন ধৰি অব্যাহত ৰাখে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট(PNRD Contractual Employee Protest) ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী

উল্লেখ্য যে, আন্দোলনকাৰীসকলে দৰমহা বৃদ্ধিৰ ব্যৱস্থা কৰক, ৬০ বছৰ বয়স লৈকে চাকৰি নিয়মীয়া কৰক, খালী পদ সমূহ পূৰণ কৰক, কৰ্মচাৰী সকলক R.O.P.ৰ ব্যৱস্থা কৰক আদি বিভিন্ন দাবী সম্বলিত শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ইফালে চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আন্দোলনৰ প্ৰতি ইতিবাচক সঁহাৰি নজনালে গাঁও পঞ্চায়তৰ সকলো সভাপতি, সভানেত্ৰী, পঞ্চায়ত সদস্য আৰু ৰাইজৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ ঠিকাভিত্তিক কৰ্মচাৰীসকলে(PNRD Contractual Employee) আন্দোলন কৰাৰ কৰাৰ হুংকাৰ দিয়ে বৰপেটা জিলাৰ গাওঁ পঞ্চায়তৰ সভাপতি ইজাজুল হকে ৷

লগতে পঢ়ক :FIR against Himanta Biswa Sarma:অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হায়দৰাবাদত গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details