অসম

assam

ETV Bharat / state

বৰপেটাত উপস্থিত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ এটা দল - উপস্থিত

বৰপেটাত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ এটা দল উপস্থিত হৈ ৭৬ খনকৈ গাঁও পৰিদৰ্শন কৰে

বৰপেটাত উপস্থিত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ এটা দল

By

Published : Mar 28, 2019, 9:52 PM IST

বৰপেটা, ২৮ মাৰ্চ : এখন পত্ৰই সুখবৰ কঢ়িয়াই আনিলে বৰপেটাবাসীলে । বৰপেটা জিলাৰ বৃহত্তৰ বহৰি অঞ্চলৰ ৭৬ খনকৈ গাও ব্ৰহ্মপুত্ৰৰ খহনিয়াই দীৰ্ঘদিন ধৰি খহনীয়াই হাৰাশাস্তি কৰি আহিছিল । খহনীয়াৰ প্ৰতিৰোধৰ বহু প্ৰচেষ্টা হাতত লোৱা হৈছিল যদিও কোনো সুফল দিয়া নাছিল । শেষত উপায়ন্তৰ হৈ বহৰিৰ কিশোৰ দাস নামৰ যুৱক এজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ পঠিয়াই । অঞ্চলবাসীক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ লিখা এই পত্ৰখন মোডীয়ে গ্ৰহণ কৰাৰ পাচতেই তৎপৰ হৈ প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ বিভাগীয়ক অঞ্চলটোৰ বুজ লবলৈ আদেশ দিয়ে । সেই আদেশৰ ভিত্তিতেই বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তপন চক্ৰৱৰ্তীৰ নেতৃত্বত বিষয়া-কৰ্মচাৰীৰ এটা দল বহৰিত উপস্থিত হৈ অঞ্চলটোত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ বুজ লয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এনে তৎপৰতাক বহৰিবাসী ৰাইজৰ লগতে বহৰি সত্ৰ সমিতিয়েও ধন্যবাদ জনোৱাৰ লগতে অতি শীৰ্ঘে ইয়াৰ বিহিত ব্যৱস্থা লবলৈও অনুৰোধ জনায় ।

বৰপেটাত উপস্থিত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ এটা দল

ABOUT THE AUTHOR

...view details