অসম

assam

ETV Bharat / state

বৰপেটাত একলাখ লোকৰ ভিতৰত ২০০ গৰাকী আক্ৰান্ত কৰ্কটত - বৰপেটা মেডিকেল কলেজ হাস্পতাল

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বৰপেটা কৰ্কট হাস্পতালখনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ভাৰ্চুৱেলী মুকলি কৰে(PM Modi inaugurates cancer care centre in Barpeta) ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ শুকুৰবাৰৰ পৰা হাস্পতালখনত আৰম্ভ হ’ব ৰোগীৰ চিকিৎসা ৷

PM Modi inaugurates cancer care centre in Assam
বৰপেটাত একলাখ লোকৰ বিপৰীতে ২০০ গৰাকী আক্ৰান্ত কৰ্কটত

By

Published : Apr 28, 2022, 7:53 PM IST

বৰপেটা, ২৮ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ কৰ্কট সেৱা কেন্দ্ৰটোৰ লগতে বৰপেটাকে ধৰি ৰাজ্যৰ আন ছখন কৰ্কট হাস্পতাল ভাৰ্চুৱেলী উদ্বোধন কৰে(PM Modi virtually launched cancer Hospital in Barpeta) ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ(Barpeta Medical College Hospital) চৌহদত স্থাপন কৰা কৰ্কট হাস্পতালখনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বৰপেটাৰ জিলা উপায়ুক্ত আৰু প্ৰশাসনৰ বিষয়াৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বৰপেটা কৰ্কট হাস্পতালখন উদ্বোধনী অনুষ্ঠানৰ পিচতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে হাস্পতালখন পৰিদৰ্শন কৰে ৷ মন্ত্ৰী দাসে শুকুৰবাৰৰ পৰা কৰ্কট হাস্পতালখনত ৰোগীৰ চিকিৎসা আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে বৰপেটাৰ বাবে এটা ভয়াৱহ সমীক্ষাৰ কথা উল্লেখ সমগ্ৰ উত্তৰ-পূৱৰ ৰাজ্যসমূহত প্ৰতি ১ লাখ লোকৰ ভিতৰত বছৰি ৯০ জন লোক কৰ্কটত আক্ৰান্ত হোৱাৰ বিপৰীতে বৰপেটাত একলাখ লোকৰ বিপৰীতে ২০০ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰে ৷

বৰপেটা জিলা কৰ্কট ৰোগৰ বাবে ভয়াৱহ জিলা হিচাপে পৰিগণিত হোৱাৰ পিচত বৰপেটাত স্থাপন হোৱা কৰ্কট হাস্পতালখনে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি তেওঁ আশা কৰে ৷ মন্ত্ৰী দাসে কৰ্কট হাস্পতালখনত প্ৰয়োজনীয় নিয়োগৰো ইতিমধ্যে ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :ৰতন টাটাৰ অসম প্ৰেমত মুগ্ধ ৰাজ্যবাসী

For All Latest Updates

ABOUT THE AUTHOR

...view details