বৰপেটা, ৭ মেঃবৰপেটা জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অন্তৰ্গত ২ লাখ ৯৬ হাজাৰজন কৃষকৰ মাজত ১ লাখ ১ হাজাৰ জন ভুৱা কৃষকে আঁচনিৰ ধন লাভ কৰা বুলি জানিব পৰা গৈছে ৷ জিলাখনত ১ লাখ ভুৱা কৃষকৰ নাম সন্নিৱিষ্ট কৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০ কৌটিতকৈয়ো অধিক টকা উলিয়াই অনিয়ম সংঘটিত কৰাৰ ফলত বুধবাৰে বৰপেটাৰ জিলা কৃষি বিষয়া কৃষ্ণকান্ত পাঠকক নিলম্বন কৰা হয় ৷ কৃষিমন্ত্ৰী অতুল বৰাই কৃষি বিষয়াগৰাকীক নিলম্বন কৰাৰ পাচতে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে সাধাৰণ ৰাইজে ৷
আনহাতে বিষয়াগৰাকী নিলম্বৰ কৰাৰ পাছতে চৰকাৰৰ এই পদক্ষেপক সমৰ্থন জনাই এই ঘটনাৰ সৈতে জড়িত আন আন কৃষি বিষয়াসকলকো উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে অগপৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ বৰপেটা জিলাত এটা দালাল চক্ৰই উক্ত আঁচনিখনৰ বৃহৎ ধন উলিয়াই নিয়া বুলিও অভিযোগ তুলিছে বৰপেটাৰ বিধায়কগৰাকীয়ে ৷ আনহাতে এই কেলেংকাৰীটোৰ সৈতে জড়িত সামূহিক সেৱা কেন্দ্ৰ বা চি এছ কে চেন্টাৰ সমূহকো তদন্তৰ আওতালৈ অনাৰ পোষকতা কৰিছে বিধায়কগৰাকীয় ৷