অসম

assam

By

Published : Feb 8, 2020, 5:02 PM IST

ETV Bharat / state

বৰপেটাত ভুৱা কৃষকৰ নামত ব্যাপক কেলেংকাৰী

বৰপেটা জিলাত প্ৰদান কৰা "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি"ৰ ধন লাভ কৰা ২ লাখ ৯৬ হাজাৰজন কৃষকৰ মাজত ১ লাখ ১ হাজাৰ গৰাকী ভুৱা কৃষকৰ নামত উলিয়াই নিছে ধন ৷ শনিবাৰে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা উপায়ুক্ত, কৃষি বিষয়া আৰু জিলাখনৰ বেংক বিষয়াসকলৰ উপস্থিতিত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কৃষি বিষয়াসকলে ৷

বৰপেটা
বৰপেটাত লক্ষাধিক ভূৱা কৃষকৰ নামত ব্যাপক কেলেংকাৰী

বৰপেটা, ৮ ফেব্ৰুৱাৰীঃ ২০২২ চনৰ ভিতৰত কৃষকৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ ৷ তাৰবাবে প্ৰতিগৰাকী কৃষকক কিষাণ ক্ৰেডিট কাৰ্ডৰ লগতে চৰকাৰৰ পৰা যাতে সকলো ধৰনৰ সহায় সুবিধা লাভ কৰিব পাৰে তাক লৈ শনিবাৰে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয় এখন সংবাদমেল ৷ জিলা উপায়ুক্ত, কৃষি বিষয়া আৰু জিলাখনৰ বেংক বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলখনত কৃষি বিষয়াই সদৰী কৰা অনুসৰি, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ নামত বৰপেটাত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি"ৰ অধীনত বৰপেটাৰ ২ লাখ ৯৬ হাজাৰজন কৃষকক ৬ হাজাৰকৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ পিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ এই ধন প্ৰদানৰ ক্ষেত্ৰত বৰপেটাত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ বৰপেটা জিলাৰ একাংশ ভুৱা কৃষকৰ নামত অনৈতিকভাৱে ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে একোজন কৃষকৰ নামতে কেইবাবাৰো ধন উলিয়াই নিয়া বুলিও অভিযোগ তোলে কৃষি বিষয়াই ৷

বৰপেটাত লক্ষাধিক ভূৱা কৃষকৰ নামত ব্যাপক কেলেংকাৰী

বৰপেটা জিলাত প্ৰদান কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন লাভ কৰা ২ লাখ ৯৬ হাজাৰজন কৃষকৰ মাজত ১ লাখ ১হাজাৰ গৰাকী ভুৱা কৃষকৰ নামতউলিয়াই নিছে ধন ৷ জিলাখনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত সংঘটিত হৈছে ২০ কোটিৰো অধিক টকাৰ কেলংকাৰী ৷ এই কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে বৰপেটা জিলা কৃষি বিষয়াই বৰপেটা সদৰ থানাত ৰুজু কৰিছে গোচৰ ৷ ব্লক পৰ্যায়ত থকা সামূহিক সেৱা কেন্দ্ৰসমূহত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে ভুৱা কৃষকৰ নামত এনেদৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন উলিয়াই নিয়াৰ কেলেংকাৰীত জড়িত হৈ থকা বুলি জানিবলৈ দিছে কৃষি বিষয়াই ৷ কৃষকসকলক বেংকৰ একাউন্টযোগে ধন উলিয়াই দিয়াৰ ক্ষেত্ৰত সামুহিক সেৱা কেন্দ্ৰসমূহত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে ভুৱা কৃষকৰ নামত সংঘটিত কৰিছে কেলেংকাৰী ৷ ইতিমধ্যে ভুৱা কৃষকসকলক চিনাক্ত কৰা হৈছে বুলিও জানিবলৈ দিছে কৃষি বিষয়াই ৷ অৱশ্যে এই কেলেংকাৰী সংঘটিত কৰা কৰ্মচাৰী আৰু ভুৱা কৃষকসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে কোনো কথা প্ৰকাশ নকৰিলে কৃষি বিভাগে ৷

আৰু পঢ়কঃ ৰাজ্যত তিনিদিনত সংঘটিত হ'ল তিনিটা জঘন্য ধৰ্ষণৰ ঘটনা

ABOUT THE AUTHOR

...view details