জনীয়া, 22 ছেপ্টেম্বৰ :লাহে লাহে বিদ্যালয়সমূহত আকৌ পাঠদান আৰম্ভ হৈছে ৷ পাঠদানৰ লগে লগে মধ্যাহ্ন ভোজন প্ৰক্ৰিয়াও আৰম্ভ হৈছে ৷ কিয়নো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন যোগান ধৰে চৰকাৰে ৷ গতিকে দুপৰীয়া ছাত্ৰ-ছাত্ৰীক এমুঠি আহাৰ দিয়া হয় বিদ্যালয়ত ৷
ধৰি লওক আপোনাৰ শিশুটিয়ে বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছে ৷ সেয়া ভাতেই হওক বা খিচিৰিয়েই হওক ৷ কিন্তু মুখত দিয়াৰ লগে লগে যেন কিবা এক আচহুৱা অনুভৱ কৰিছে শিশুটিয়ে ৷ ভাত কেইটা যেন ঘৰৰ দৰে নহয় ৷ কিবা প্লাষ্টিক প্লাষ্টিক লাগিছে খাই ৷ ঘৰলৈ আহি যদি আপোনাক শিশুটিয়ে এনেদৰে কয় আপুনি নিশ্চয় আচৰি হ’ব ৷ হয়তো মিছা বুলিও ভাবিব পাৰে ৷ কিন্তু এয়া সঁচা ৷
লক্ ডাউনৰ সময়চোৱাত বিদ্যালয় বন্ধ আছিল যদিও মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু সেই চাউলেই উদঙাইছে এখন ভয়ংকৰ ছবি ৷ ঘটনা সংঘটিত হৈছে জনীয়াত ৷
বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ ১৭২ নং গাগলমাৰী অংগনবাড়ী কেন্দ্ৰত মধ্যাহ্ন ভোজনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ মধ্যাহ্ন ভোজনৰ নামত কণ কণ শিশুসকলৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷