অসম

assam

ETV Bharat / state

আজমল কলেজৰ উদ্যোগত ঘৰে ঘৰে গছ পুলি বিতৰণ

কলগাছিয়া আজমল কলেজৰ উদ্যোগত ২০০ জোপা গছ পুলি বিতৰণ। এই বিতৰণত প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিলে আজমল কলেজে।

আজমল কলেজৰ উদ্যোগত গছ পুলি বিতৰণ

By

Published : Jul 6, 2019, 5:38 PM IST

জনীয়া, ০৬ জুলাই: জনীয়া সমষ্টিৰ কলগাছিয়াত আজমল কলেজৰ উদ্যোগত মানুহৰ ঘৰে ঘৰে গৈ বিতৰণ কৰা হয় ২০০ গছপুলি । গছ পুলি বিতৰণৰ মূল উদ্দেশ্য হ'ল গোলকীয় উষ্ণতা ৰোধ কৰা। কাৰণ দিনক দিনে বৃদ্ধি পাই আহিছে গোলকীয় উষ্ণতা । বিভিন্ন ধৰণৰ কোম্পানী, যান বাহনৰ পৰা পৰা হোৱা প্ৰদূষণ ৰোধ কৰাৰ বাবে গছ পুলি ৰুব লাগিব। সেই উদ্দেশ্যে আগত ৰাখি আজি কলগাছিয়া আজমল কলেজৰ পৰা ছাত্র-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সকলে শাৰী পাতি মানুহৰ ঘৰে ঘৰে গৈ গছ পুলি বিতৰণ কৰে। লগতে আজমল কলেজৰ প্ৰত্যেকজন ছাত্র-ছাত্ৰীয়ে দুটাকৈ গছ পুলি ৰোৱাৰ লগতে তেওঁলোকৰ বন্ধু-বান্ধৱী সকলকো গছপুলি ৰুবলৈ আহ্বান জনায়। গছ পুলি বিতৰণ যাত্ৰা কলেজৰ পৰা আৰম্ভ কৰি ওচৰত থকা গাওঁখনলৈ বিতৰণ কৰে।

আজমল কলেজৰ উদ্যোগত গছ পুলি বিতৰণ

ABOUT THE AUTHOR

...view details