বৰপেটা, 21 আগষ্টঃ শুকুৰবাৰে বৰপেটা জিলাৰ হাউলীত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ৷ হাউলীত উপস্থিত হৈ বিদ্যৎ বিভাগৰ উপ কেন্দ্ৰ এটা উদ্বোধন কৰাৰ লগতে হাউলী পৌৰ এলেকাৰ ৰাজহুৱা পুখুৰীৰ সৌন্দৰ্যবৰ্ধন আৰু উন্নীতকৰণ কামৰো শুভাৰম্ভ মন্ত্ৰীগৰাকীয়ে ৷ উক্ত অনুষ্ঠানত কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, বদৰুদ্দিন আজমলৰ নেতৃত্বত বা ৰিম'ট কন্ট্ৰলত কংগ্ৰেছ চৰকাৰ গঠন হ’লে বা বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’লে অসমীয়াৰহে ক্ষতি হ’ব ৷ কিছুবছৰ পূৰ্বে বদৰুদ্দিন আজমলক সমালোচনাৰে থকাসৰকা কৰা তৰুণ গগৈয়ে এতিয়া তেখেতৰ লগতে মিত্ৰতা কৰিব ওলাইছে ৷ তৰুণ গগৈ ডাঙৰীয়াই একো এৰিব নোখোজে ৷ ৯০ বছৰ বয়সতো তেওঁ মুখ্যমন্ত্ৰী হ’ব খোজে ৷ তাৰ পিছত নিজ পুত্ৰকো মুখ্যমন্ত্ৰী পাতিব খোজে বুলি তৰুণ গগৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷
খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে বিজেপিয়ে সদায় মাত মাতি যাব: পীযুষ হাজৰিকা - হাউলীত মন্ত্ৰী পীযুষ হাজৰিকা
শুকুৰবাৰে বৰপেটা জিলাৰ হাউলীত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ৷ হাউলীত উপস্থিত হৈ বিদ্যুৎ বিভাগৰ উপ কেন্দ্ৰ এটা উদ্বোধনৰ লগতে হাউলী পৌৰ এলেকাৰ ৰাজহুৱা পুখুৰীৰ সৌন্দৰ্যবৰ্ধন আৰু উন্নীতকৰণ কামৰো শুভাৰম্ভ মন্ত্ৰীগৰাকীয়ে ৷

খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে বিজেপিয়ে সদায় মাত মাতি যাবঃপীযুষ হাজৰিকা
হাউলীত মন্ত্ৰী পীযুষ হাজৰিকা
আগন্তুক বিধানসভা নিৰ্বাচনতো বিজিপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, খিলঞ্জীয়া আৰু অসমীয়াৰ অস্তিত্বৰ বাবে তেওঁলোকে সদায় মাত মাতি যাব ৷ ৬ নং দফাৰ প্ৰতিবেদন দুবছৰ ভিতৰত ৰূপায়নৰ বাবে বিজেপি চৰকাৰ বদ্ধপৰিকৰ ৷ বিজেপিৰ বাহিৰে আন চৰকাৰে 6 নং অনুসূচীক লৈ কমিটি গঠন কৰা নছিল ৷ কেৱল মাত্ৰ খিলঞ্জীয়াৰ প্ৰতি থকা দায়িত্বৰ বাবেই বিজেপি চৰকাৰে এই অনুসূচীক লৈ কাম কৰিছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক-আছুৰ নতুন ৰাজনৈতিক দল: কি কয় দুই প্ৰাক্তন সভাপতিয়ে