অসম

assam

বৰপেটাৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত মন্ত্ৰী পীযুষ হাজৰিকা

বৰপেটাৰ বাঘবৰত অৱস্থিত শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত উপস্থিত হ’ল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা(Pijush Hazarika visits Baithaputa Ghat Satra) ৷ বৰপেটা জিলাৰ লগতে ৰাজ্যত খহনীয়া প্ৰতিৰোধৰ বাবে কেইবা কোটি টকাৰ আঁচনি গ্ৰহণৰ কথা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

By

Published : May 24, 2022, 10:57 PM IST

Published : May 24, 2022, 10:57 PM IST

a
a

বৰপেটা, ২৪ মে': ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম বাঘবৰৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত মঙলবাৰে উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা(Pijush Hazarika visits Baithaputa Ghat Satra) ৷ সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত সত্ৰখন ৷

সেয়ে ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংকট নমাই অনা সত্ৰখনৰ লগতে খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰবাসী ৰাইজৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷ বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰখনৰ খহনীয়া পৰিদৰ্শনৰ পিচতে মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি সত্ৰখনৰ সাময়িক প্ৰতিৰোধৰ বাবে বুধবাৰৰ পৰাই কাম আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

বৰপেটাৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

ইপিনে, বৰপেটা জিলাৰ লগতে ৰাজ্যত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে আগন্তুক এবছৰৰ ভিতৰত এচিয়ান ডেভেল'পমেন্ট বেংকৰ জৰিয়তে প্ৰায় ৩ হাজাৰ ৭ শ কোটি টকা ব্যয় সাপেক্ষে কেইবাখনো আঁচনি গ্ৰহণৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে অখিল গগৈয়ে নিজকে লাচিতৰ বংশধৰ বুলি আৰু পীযুষ হাজৰিকাৰ দেহত মোগলৰ তেজ থকা বুলি কৰা মন্তব্য সম্পৰ্কতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ পীযুষ হাজৰিকাই অখিল গগৈক উভতি ধৰি কয় যে, "পূৰ্বতে হিন্দুসকল মোগললৈ ধৰ্মান্তৰিত হৈছিল ৷ ঠিক তেনেদৰে অখিল গগৈয়েও মোগললৈ ধৰ্মান্তৰিত হোৱা বুলি মন্তব্য পীযুষ হাজৰিকাৰ ৷ পূৰ্বতে অখিল গগৈৰ দেহত লাচিতৰ তেজ আছিল যদিও এতিয়া তেওঁৰ দেহত মোগলৰ তেজ আছে ৷"

বৰপেটাৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

ইপিনে, ৰাজ্যৰ কোনো স্থানতে বটদ্ৰৱা ঘটনাৰ পুনৰাবৃত্তি কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ কেৱল বটদ্ৰৱাই নহয়, জনীয়া, বাঘবৰ আনকি ধুবুৰীতো থানা আক্ৰমণ কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ যদি কোনোৱে থানা আক্ৰমণ কৰে তেন্তে দুষ্টক দমন কৰাৰ হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ ইফালে, কংগ্ৰেছে চোৰ, ডকাইত, দুস্কৃতিকাৰীৰ সপক্ষেই সদায় মাত মাতে বুলিও তীৰ্যক মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰৰ পৰিচালনাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ কেইটামান ঘাট সত্ৰৰ নামত আৱন্টনৰ দাবী কৰে সত্ৰ পৰিচালনা সমিতিয়ে ৷ মূলতঃ সত্ৰখন পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা ধনৰ জোৰা মাৰিবৰ বাবেই ব্ৰহ্মপুত্ৰৰ ঘাটকেইটা আৱন্টনৰ দাবী সম্পৰ্কে অৱশ্যে মন্ত্ৰীগৰাকীয়ে কোনো মন্তব্য কৰা পৰিলক্ষিত নহ'ল ৷

লগতে পঢ়ক :অস্তিত্বৰ সংকটত বৰপেটাৰ বৈঠাপুতা ঘাট সত্ৰ

ABOUT THE AUTHOR

...view details