অসম

assam

By

Published : Mar 15, 2021, 9:03 PM IST

ETV Bharat / state

চেঙাত দলীয় কৰ্মীক কি পৰামৰ্শ দিলে ফণীভূষণ চৌধুৰীয়ে ?

চেঙাত অসম গণ পৰিষদৰ এখন বুথ সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷

phanibhukhan choudhury campaign for agp candidate
চেঙাত বুথ পৰ্যায়ৰ কৰ্মীক কি পৰামৰ্শ দিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ?

বৰপেটা,১৫ মাৰ্চ: চেঙা সমষ্টিৰ বহৰিত অসম গণ পৰিষদৰ এখন বুথ সভা অনুষ্ঠিত হয় । বুথৰ সভাপতি, সম্পাদক আৰু সদস্যসকলক লৈ অনুষ্ঠিত হোৱা সভাখনত মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত থাকে ৷

চেঙাত বুথ পৰ্যায়ৰ কৰ্মীক কি পৰামৰ্শ দিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ?

সভাৰ পাচতে মন্ত্ৰী চৌধুৰীয়ে সাংবাদিকৰ আগত কয়, চেঙাত এইবাৰ শুকুৰ আলী হটাও অভিযান আৰম্ভ হৈছে ৷ এইবাৰ অগপ দলৰ প্ৰাৰ্থী ৰবিউল হুছেইনে জয় লাভ কৰাটো নিশ্চিত বুলি মন্তব্য প্ৰকাশ মন্ত্ৰী চৌধুৰীৰ ৷ 'মিত্ৰদলৰ প্ৰাৰ্থী হিচাপে বিজেপি দলেও অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনক নিশ্চিতভাৱে সমৰ্থন আগবঢ়াব ৷ যোৱাবাৰতকৈ এইবাৰ অগপৰ আসন বৃদ্ধি পাব ৷' সাংবাদিকৰ আগত এইদৰে কয় মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

চেঙাত বুথ পৰ্যায়ৰ কৰ্মীক কি পৰামৰ্শ দিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ?

উল্লেখ্য যে, সভাত অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অমিয় কুমাৰ তালুকদাৰ উপস্থিত থাকে ৷

লগতে পঢ়ক: শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন নিতুল গগৈৰ

ABOUT THE AUTHOR

...view details