বৰপেটাৰোড ২৮ জানুৱাৰী :বাইকত তেল ভৰাবলৈ যোৱা গ্ৰাহকক ৰামঠগন দিয়াৰ অভিযোগ উত্থাপিত হৈছে সৰভোগৰ M/S B. R. Pump ৰ বিৰুদ্ধে (Petrol pump scam) ৷ অভিযোগ অনুসৰি, বৰপেটাৰোডৰ এজন যুৱকে সৰভোগৰ এই পেট্ৰল পাম্পটোত নিজৰ বাইকত তেল ভৰাবলৈ গৈছিল ৷ সচৰাচৰ গ্ৰাহকজনৰ গ্লেমাৰ বাইকখনত ৮০০ ৰ পৰা ৮৫০ টকাৰ পেট্ৰল ভৰালে ৮ লিটাৰ তেলৰ টেংকি ভৰ্তি হয় বুলি জানিবলৈ দিয়ে গ্ৰাহকজনে ৷
কিন্তু তেল ডিপ’ৰ কৰ্মচাৰীয়ে বাইকত ৯৫০ টকাৰ পেট্ৰল ভৰাই দিয়াৰ পাছতো টেংকি ভৰ্তি নোহোৱা বুলি অভিযোগ গ্ৰাহকৰ । যুৱকজনে তেওঁৰ বাইকত ৯৫০ টকাৰ তেল নাটে বুলি বাৰম্বাৰ কৈছিল যদিও তেল ডিপ’ৰ কৰ্মচাৰীয়ে সেইটো মানি লোৱা নাছিল ৷ পিছত যুৱকজনে সংবাদ মাধ্যমক ঘটনাটো সম্পৰ্কে অৱগত কৰে (Youth reveals petrol pump scam in sarbhog) ৷ সাংবাদিকে এই সম্পৰ্কত তেল ডিপ’ৰ কৰ্মচাৰীৰ পৰা জানিব বিচৰাত কৰ্মচাৰীয়ে এই ঘটনাটোৰ পৰা এৰাই চলাৰ লগতে তেল ডিপ’টোৰ কেইবাজনো কৰ্মচাৰীয়ে পলায়ন কৰে(Scam in Petrol pump by employee) ৷