বৰপেটা , 13 ফেব্ৰুৱাৰীঃ খেতিয়কসকলক উপকৃত তথা উৎসাহিত কৰাৰ বাবে বৰপেটাত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে কৃষক মেলা আৰু উদ্যান শস্য প্ৰদৰ্শনী ৷ প্ৰায়ে লোকচানৰ সন্মুখীন হোৱা উচিত মূল্যৰ পৰা বঞ্চিত কৃষক সকলৈ নতুব বতৰা কঢ়িয়াইছে কৃষক মেলাই ৷
লেইজ আৰু আংক’ল চিপচৰ বাবে আলু উৎপাদন কৰিব বৰপেটাৰ কৃষকে - বৰপেটাৰ কৃষকক আলু উৎপাদনৰ প্ৰশিক্ষণ
উচিত মূল্যৰ পৰা বঞ্চিত কৃষকৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে বৰপেটাত অনুষ্ঠিত কৃষক মেলা আৰু উদ্যান শস্য প্ৰদৰ্শনীয়ে ৷ বিজ্ঞানসন্মতভাৱে আলু প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে কৃষক সকলক ৷ চিপচ প্ৰস্তুত কৰিবৰ বাবে বৰপেটাৰ কৃষকৰ লগত চুক্তিবদ্ধ হৈছে পেপচিক’ ৷
উল্লেখযোগ্য যে , বৰপেটা জিলাত ৰাজ্যখনৰ ভিতৰতে উৎপাদন হয় সৰ্বাধিক পৰিমানৰ আলু ৷ কিন্তু পূৰ্বৰে পৰা উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে কৃষকসকল ৷ প্ৰয়ে লোকচানৰ সন্মুখীন হোৱা কৃষকসকল যাতে লাভৱান হ’ব পাৰে , তাৰ বাবে উদ্যান শস্য বিভাগে আৰম্ভ কৰিছে এই বিশেষ তৎপৰতা ৷ গুৰুত্বপূৰ্ণ যে , মুখৰোচক খাদ্য চীপচ প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় আলু যাতে বৰপেটাৰ খেতিয়কেও উৎপাদন কৰিব পাৰে তাৰবাবে বৰপেটাৰ খেতিয়কসকলৰ দ্বাৰা আৰম্ভ কৰা হৈছে লেডী ৰ'জেতা আৰু চিপ সোনা'4 নামৰ আলুবিধৰ খেতি ৷ উদ্যানশস্য বিভাগৰ তৎপৰতাত ইতিমধ্যে বৰপেটাৰ খেতিয়কে উৎপাদন কৰিছে চীপচৰ বাবে প্ৰয়োজনীয় আলু ৷ বৰপেটাৰ খেতিয়কে উৎপাদন কৰা এই আলুৰ পৰা ইতিমধ্যে আলু চীপচ, আলুৰ খৰমা, আলুৰ ভূজিয়া, আলুৰ আচাৰ আদি প্ৰস্তুত কৰাৰ বাবেও মহিলাসকলক প্ৰশিক্ষণ প্ৰদানৰ কাম আৰম্ভ হৈছে ৷ কেৱল সেয়াই নহয় , লে'ইজ আৰু আংকল চীপচ নামৰ চীপচ প্ৰস্তুতকাৰী সংস্থা পেপচিক'ৱে বৰপেটাৰ আলু খেতিয়কৰ পৰা পোনে পোনে আলু ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথাও প্ৰকাশ কৰিছে উদ্যান শস্য বিভাগৰ বিষয়াই ৷ ইপিনে চীপচৰ বাবে প্ৰয়োজনীয় লেডী ৰ'জেতা আৰু চিপ সোনা 4 নামৰ আলুবিধৰ খেতিৰ লগতে বৰপেটাত আৰম্ভ হৈছে কম খৰচ আৰু কম কষ্টতে উৎপাদন কৰিব পৰা কুফ্ৰী সূৰ্য নামৰ আলুবিধৰ খেতি ৷ শালি ধানৰ খেতি কৰাৰ পিচত অসমৰ প্ৰায়বোৰ ধাননি পথাৰ এনেই পৰি থাকে ৷ এই ধাননি পথাৰসমুহ যাতে এনেই পৰি নাথাকে আৰু বিনা কষ্টতে খেতিয়কে খেতি কৰিব পাৰি তাৰবাবে মাটিত হাল নমৰাকৈ আলু খেতি আৰম্ভ কৰিছে বৰপেটাত ৷ ধান দোৱাৰ পিচত ধানতলিত আলুৰবীজ চতিয়াই তাৰ ওপৰত ধান খেৰ বা নৰা জাপি দি কুফ্ৰী সূৰ্য নামৰ আলুবিধৰ খেতি কৰি বৰপেটাৰ খেতিয়কসকল লাভৱান হব পাৰিছে ৷ আলু খেতি কৰি প্ৰায়ে উচিত মূল্যৰ পৰা বঞ্চিত হবলগীয়া খেতিয়কে চীপচৰ বাবে প্ৰয়োজনীয় আলু উৎপাদন কৰি লাভৱান হোৱাৰ উপৰিও ধানতলিবোৰত বিনা কষ্টতে আলু খেতি কৰিব পৰা ব্যৱস্থাই খেতিয়কসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ৷
লগতে পঢ়কঃ