নিউজ ডেস্ক, 4 অক্টোবৰ :দেওবাৰে বিহালী সমষ্টিৰ বাঘমৰা মণ্ডল আৰু বিহালী মণ্ডলৰ যুটীয়া উদ্যোগত বৰগাঙত অনুষ্ঠিত হোৱা বিজেপি কাৰ্যকতা সন্মিলন তথা যোগদান সভাত বিহালীৰ বিভিন্ন জাতীয়তাবাদী সংগঠন আৰু কংগ্ৰেছকে ধৰি অন্যান্য দল সংগঠনৰ প্ৰায় 4 শতাধিক লোকে বিজেপি দলত যোগদান কৰে ।
বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত উপস্থিতিত সভাখনত যোগদান কৰা নতুন বিজেপি সদস্য সকলক আদৰণি জনাই মন্ত্ৰী গৰাকীয়ে । আনহাতে, মন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতবৰ্ষৰ অন্য দলৰ নীতি আদৰ্শ আৰু বিজেপি দলৰ মাজত পাৰ্থক্য আছে ৷ আনহাতে, নতুনকৈ জন্ম লাভ কৰা ৰাজনীতি দল কেইটাক আদৰণি জনায় মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক :তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন
ইফালে, মৰাণতো 'কা' বিৰোধী 70 টা সংগঠনৰ উদ্যোগত 2 অক্টোবৰত ভূমিষ্ঠ হোৱা "ৰাইজৰ দল"ৰ মুখ্য আহ্বায়ক দ্বয় ক্ৰমে, লোহিত গগৈ আৰু মহেন্দ্ৰ দিহিঙ্গীয়াক উজনি অসমৰ মৰাণত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় । চেপনৰ পৰা বাইক ৰেলীৰ কৰি মাহমৰা সমষ্টিৰ কাকতিবাৰী লোহিত গগৈৰ বাসগৃহলৈকে এই ৰেলী উলিওবা হয় । মৰাণৰ মাজমজিয়াৰ শিৱ মন্দিৰ সন্মূখত মৰাণ-কাকতিবাৰী-সোণাৰি সংযোগী পথত দুয়োজন নেতাক মৰাণৰ বিভিন্ন দল সংগঠনে ফুলাম গামোছাৰে উষ্ম আদৰণি জনায় । নেতা দুজনে বিজেপিৰ চৰম শোষণ আৰু প্ৰতাৰণা,প্ৰবঞ্চনা আৰু সীমাহীন দুৰ্নীতি বিৰুদ্ধে ভূমিষ্ঠ হোৱা ৰাইজৰ দলটোক 2021 চনত নিৰ্বাচনৰ জৰিয়তে মৰম আৰু আৰ্শীবাদ দিবলৈ আহ্বান জনায় ।