অসম

assam

ETV Bharat / state

CM zindabad slogan: কলগাছিয়াৰ প্ৰাৰ্থনা সভাত হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি কিয় ? - বৰপেটা জিলাৰ সদ্য ঘোষিত

কলগাছিয়াত সংবাদ কর্মীয়ে আয়োজন কৰা সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাত হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি । মন্দিয়া-জনীয়া উপ-জিলাৰ সদৰ কাৰ্যালয় কলগাছিয়াত স্থাপনৰ দাবীত ৰাজ্য চৰকাৰৰ পৰা ইতিবাচক ফল লাভৰ আশাৰে আয়োজন কৰা হৈছিল সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভা ।

Mandia Jania sub district headquarter at Kalgachia
সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:07 AM IST

সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন

জনিয়া, 29 ছেপ্টেম্বৰ :বৃহস্পতিবাৰে বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ৰাইজৰ লগতে কলগাছিয়াৰ সংবাদ কর্মীসকলে আয়োজন কৰে এক সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাৰ ৷ বৰপেটা জিলাৰ সদ্য ঘোষিত মন্দিয়া-জনিয়া উপ-জিলাৰ সদৰ কাৰ্যালয় কলগাছিয়াত স্থাপনৰ দাবী জনায় ৰাইজে ৷ সেয়ে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক ইতিবাচক ফল লাভৰ আশাৰে আয়োজন কৰা হয় এই সৰ্ব ধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান ৷

এই সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাত হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দি উপস্থিত ৰাইজে বিচাৰিলে চৰকাৰৰ সহায় ৷ সৰ্ব ধৰ্ম প্ৰাৰ্থনাৰ জৰিয়তে কলগাছিয়াত ‘‘মন্দিয়া-জনিয়া’’ উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবী জনোৱাৰ লগতে কলগাছিয়াৰ প্ৰতি যাতে অসম চৰকাৰ দয়াশীল হয়, তাৰ বাবেও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় উপস্থিত ৰাইজে ৷

লগতে হিন্দু-মুছলমান উভয়ে একেখন মঞ্চৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ গুণগান গায় । নৱ গঠিত মন্দিয়া সমষ্টিৰ পশ্চিম প্ৰান্তত অৱস্থিত সমন্বয়ৰ প্ৰতীক ঐতিহাসিক মইনবড়ী অঞ্চলৰ পৰা অহা শ্ৰী খিতিশ চন্দ্ৰ সাহা, শ্ৰী খগেন্দ্ৰ চন্দ্ৰ পাল, মইনবড়ী অঞ্চলৰ যুৱক আবুল কালাম আজাদে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে ৷

লগতে হিন্দু মুছলমান উভয়ে একে মঞ্চৰ পৰাই কলগাছিয়াত উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় । বৃহস্পতিবাৰে আয়োজিত এই অনুষ্ঠানটোত কেইবা সহাস্ৰাধিক হিন্দু-মুছলমান ৰাইজ উপস্থিত থাকে ৷

লগতে তেওঁলোকে একেখন মঞ্চতে বহি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, কলগাছিয়াত উপ-জিলাৰ কাৰ্যালয় স্থাপন কৰক, কলগাছিয়াৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে দয়াশীল হওক আদি শ্ল’গান পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক :Asian car rally: চিৰাঙত এচিয়ান কাৰ ৰেলীৰ দল

ABOUT THE AUTHOR

...view details