বৰপেটা,23 ছেপ্টেম্বৰ:বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বৰপেটা-বাঘবৰ সংযোগী মুল পথৰ দুৰৱস্থা ৷ দুবছৰ পূৰ্বে বাঢ়নি পানীয়ে উটুৱাই নিয়া পথৰ এটা অংশ পুনৰ এই বছৰৰ বানেও উটুৱাই নিয়ে পথটোৰ আন এটা অংশৰ লগতে কালভাৰ্টটোও ৷ ফলত বাঁহৰ সাঁকোৰে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে বাঘবৰবাসীয়ে(Broken road and bridge in Baghbar) ৷
ইফালে পথটোৰ অৱস্থা দেখিলে চকু কঁপালত উঠিব আপোনাৰো(Bad condition of road and bridge in Baghbar) । এক জৰাজীৰ্ণ আৰু বিপদসংকুল পথেৰে মৰণত শৰণ দি বাঘবৰবাসীয়ে অব্যাহত ৰাখিছে যাতায়াত ৷ পথটোৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে সেই স্থানত কেবাটাও ভয়াৱহ দূৰ্ঘটনাও সংঘটিত হোৱাৰ কথাও উল্লেখ কৰে স্থানীয় ৰাইজে ৷ পিছে পথটোৰ এনে জহি খহি যোৱা অৱস্থাৰ পিচতো বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে পথতো যাতায়াত উপযোগী কৰি তুলিবলৈ কোনো ব্যৱস্থা গ্ৰহন কৰা নাই বুলি অভিযোগ একাংশৰ ৷