জনীয়া, 26 জুন :জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ(People protest against Jania MLA) । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱৰ জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল আৰু আব্দুল খালেকক নিজ সমষ্টিত ৰাইজে দিলে গ'বেক, মুর্দাবাদ(People protest in Kalgachia)।
বিগত দুই তিনি বছৰ ধৰি জলাকলা খাই আহিছে তিতাপানী আৰু বৰভিটা আৰু জনতা গাঁও পঞ্চায়তৰ ৰাইজে ৷ উল্লেখ্য যে, কালভাৰ্ট বন্ধ হোৱা বাবে জমা হৈ থকা পানীত বিগত দুদিন পূৰ্বে এটি ফুলকুমলীয়া শিশুৰ পানীত পৰি মৃত্যু হয় । চাৰিখন গাঁৱৰ বাবে ভয়াৱহ ৰূপ ধাৰণ কৰিছে জমা হৈ থকা পানীৰ লগতে বাঢ়নী পানীয়ে ৷
ৰামপুৰৰ পৰা জনতালৈ যোৱা পথত কালভাৰ্টেৰে পানী ওলাব পাৰে যদিও বিপৰীত দিশত কেইবাটাও পুখুৰী থকাৰ ফলত জমা হৈ থকা পানী ওলাই যাব নোৱাৰাৰ যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷