অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি মিত্ৰজোঁটক আকোৱালি ল'ব: ৰণজিৎ কুমাৰ দাস - People of Assam will embrace BJP alliance

উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত হোৱা মিত্ৰতাক লৈ চিন্তিত নহয় বিজেপি ৷ পূৰ্বতেও এনে মিত্ৰতা আছিল আৰু নিৰ্বাচনৰ পূৰ্বে তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চাৰ কথা ওলায় ৷ এনেবোৰ মিত্ৰতাক বিজেপিয়ে কেৰেপ নকৰে ৷ বৰপেটাত এই মন্তব্য কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

people-of-assam-will-embrace-bjp-alliance-in-by-polls
উপনিৰ্বাচনত অসমৰ ৰাইজে বিজেপি মিত্ৰজোঁটক আকোৱালি ল'ব: ৰণজিৎ কুমাৰ দাস

By

Published : Oct 2, 2021, 10:38 PM IST

বৰপেটা,2 অক্টোবৰ: ক'ভিডত মৃত্যু হোৱা বৰপেটাৰ 14 গৰাকী লোকৰ পৰিয়ালক শনিবাৰে প্ৰাৰ্থনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে 1 লাখকৈ টকাৰ চেক প্ৰদান কৰে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শনিবাৰে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত জিলাখনৰ ক'ভিডত নিহত পৰিয়ালবৰ্গৰ হাতত চেক প্ৰদান কৰে ৷ এই অনুষ্ঠানৰ পিচতে সাংবাদিকৰে হোৱা বাৰ্তালাপত উপ-নিৰ্বাচন সম্পৰ্কে কেতবোৰ মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷

উপ নিৰ্বাচন সনদৰ্ভত তেওঁ কয় যে-উপনিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত হোৱা মিত্ৰতাক লৈ চিন্তিত নহয় বিজেপি ৷ পূৰ্বতেও এনে মিত্ৰতা আছিল আৰু নিৰ্বাচনৰ পূৰ্বে তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চাৰ কথা ওলায় বুলিয়েই মন্তব্য কৰি এনেবোৰ মিত্ৰতাক বিজেপিয়ে কেৰেপ নকৰে বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷ আনকি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বহু দলৰ বুথ সমিতিয়েই নাই বুলি মন্তব্য কৰি নিৰ্বাচনৰ সময়ত ৰাইজে সেই দলবোৰৰ প্ৰতীকতো দেখা পাব বুলি মন্তব্য কৰে দাসে ৷

উপনিৰ্বাচনত অসমৰ ৰাইজে বিজেপি মিত্ৰজোঁটক আকোৱালি ল'ব: ৰণজিৎ কুমাৰ দাস

আনহাতে বিজেপি দল অসমবাসীৰ হৃদয়ত থকা বুলি মন্তব্য কৰি উপনিৰ্বাচনত অসমৰ ৰাইজে বিজেপি মিত্ৰজোঁটক আকোৱালি লব বুলি দাবী কৰে ৰণজিৎ কুমাৰ দাসে ৷ লগতে উপনিৰ্বাচনত ভৱানীপুৰ সমষ্টিত বিজয়ী হোৱাৰ অংকও কৰি দেখুৱায় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৷

ৰণজিৎ কুমাৰ দাসৰ মতে, বিগত নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ অগপ প্ৰাৰ্থী ৰণজিৎ ডেকাই এআইইউডিএফৰ হাতত তিনি হাজাৰ ভোটত পৰাজয়ী হৈছিল ৷ ইয়াৰ বিপৰীতে বিজেপিৰ 12 হাজাৰ ভোট লাভ কৰিছিল ফনী তালুকদাৰে ৷ গতিকে অগপৰ ৰণজিৎ ডেকাৰ ভোটৰ সৈতে ফনী তালুকদাৰে লাভ কৰা 10 হাজাৰ ভোট যোগ কৰি ভৱানীপুৰত বিজেপি জয়ী হ'ব বুলি দাবী কৰে ৷

ইপিনে বিপিএফৰ সৈতে মিত্ৰতা সম্পৰ্কত দলৰ সভাপতি বা তেওৰ সৈতে কোনো কথা আলোচনা হোৱা নাই বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়কঃউপ-নিৰ্বাচনক লৈ ৰুদ্ধদ্বাৰ বৈঠক অখিল-ৰকিবুলৰ

ABOUT THE AUTHOR

...view details