অসম

assam

ETV Bharat / state

এখন দলং নোহোৱাৰ বাবেই.... - বিধায়ক শ্বেৰমান আলী

প্ৰাণৰ ভয়ৰ মাজেৰে টুলুঙা নাও লৈ নদী পাৰাপাৰ হ'ব লগা হৈছে এখন গাঁৱৰ ৰাইজে । এই পথেই অহা যোৱা কৰিব লগা হয় স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী। পকী দলঙৰ দাবী জনায় ব্যৰ্থ ৰাইজ (People demanding bridge in Baghbar) ৷ চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

people-demanding-bridge-in-baghbar
এখন দলং নোহোৱাৰ বাবেই....

By

Published : Jan 28, 2022, 9:24 PM IST

জনিয়া,28 জানুৱাৰী : বৰপেটা জিলাৰ বাঘবৰ সমষ্টি তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জয়পুৰবাসীয়ে দীৰ্ঘ সময় ধৰি প্ৰাণৰ ভয়ৰ মাজেৰে টুলুঙা নাও লৈ নদী পাৰাপাৰ হ'ব লগা হৈছে (Poor connectivity making people suffer in Baghbar) । বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়াৰ (Erosion caused by Beki river) ফলত প্ৰায় শতাধিক লোকৰ ঘৰ-দুৱাৰ জাহ যোৱাৰ লগতে শিক্ষানুষ্ঠান নবনুৰ হাই মাদ্ৰাছাখনো বেকী নৈৰ বুকুত জাহ গৈছে । বেকী নৈৰ এনে খহনীয়াৰ ফলত সৰ্বশ্ৰান্ত হৈ পৰিছে জয়পুৰ পাথাৰ আৰু জয়পুৰ মাজৰ গাঁওবাসীয়ে ।

এখন দলং নোহোৱাৰ বাবেই....

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি ৰাইজে এখন পকী দলঙৰ দাবী জনাই আহিছে স্থানীয় বিধায়কক (People demanding bridge in Baghbar) । অৱশ্যে ,আশ্বাস প্ৰদান কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে । অতি দুখ আৰু পৰিতাপৰ বিষয় যে, যদি কোনো ৰোগীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিব লগা হয়, তেন্তে বাঁহৰ চাং বান্ধি কান্ধত তুলি টুলুঙা নাৱেৰে পাৰ কৰি চান্দমামা আদৰ্শ চিকিৎসালয়, কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয় নাইবা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যাব লগা হয় ৷

অতি কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে স্থানীয় ৰাইজে । সেয়ে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে পকী দলং আৰু যাতায়তৰ সুচল পথ চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কক নিৰ্মাণ কৰাৰ দাবী জনায় ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক :Laligur seized in Jorhat: যোৰহাট আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমানৰ নিষিদ্ধ লালিগুৰ

ABOUT THE AUTHOR

...view details