অসম

assam

ETV Bharat / state

তালাচী চলোৱাৰ নামত ধন সংগ্ৰহৰ অভিযোগ

পৰিবহণ বিভাগৰ একাংশ কৰ্মচাৰীয়ে দালাল নিয়োগ কৰাৰ অভিযোগ ৷ পাঠশালাত সন্দেহজনক ভাৱে ৰখাই থোৱা ট্ৰাকৰ হেণ্ডিমেনৰ বিস্ফোৰক ভাষ্য ৷

By

Published : Jul 8, 2019, 7:18 PM IST

তালাচী চলোৱাৰ নামত ধন সংগ্ৰহৰ অভিযোগ

পাঠশালা, 8 জুলাই : ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহণ বিভাগে তালাচী চলোৱাৰ নামত সংগ্ৰহ কৰে ধন ৷ ট্ৰাকৰ হেণ্ডিমেনৰ ভাষ্যত প্ৰকাশ পাইছে এনে তথ্য ৷ এনে কাৰ্যৰ বাবে পৰিবহন বিভাগৰ একাংশ কৰ্মচাৰীয়ে দালাল নিয়োগ কৰাৰ অভিযোগ ৷ ঘটনা অনুসৰি দুদিন পূৰ্বৰে পৰা পাঠশালাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এটা নিৰ্মীয়মান পেট্ৰ’ল পাম্পৰ সন্মুখত সন্দেহজনক ভাৱে ৰখাই থোৱা আছিল AS 17 B 0238 নম্বৰৰ ট্ৰাকখন ৷ বিগত 3 জুলাইত তামুলপুৰ দিশৰ পৰা চিমেন্টত ব্যবহৃত জীপচাম পাউডাৰ কঢ়িয়াই অসমৰ বাহিৰলৈ নিয়াৰ উদ্দেশ্যে আহিছিল ট্ৰাকখন ৷ উক্তদিনা নলবাৰী পৰিবহণ বিভাগে অভাৰ লোড কৰি অনা অপৰাধত ট্ৰাকখন টিহুত জব্দ কৰে ৷ সেই সময়ত চালকগৰাকীয়ে লগে লগে গাড়ী এৰি পলাই যায় ৷ আৰু তেতিয়াই গাড়ীৰ পৰা 62 হেজাৰ টকা নোহোৱা হোৱা বুলি হেণ্ডিমেনে জানিবলৈ দিয়ে ৷ ইয়াৰ পাচত দুদিন টিহুত ৰাখি থৈ গাড়ীখন পাঠশালালৈ নিয়া হয় ৷ পাঠশালাৰ কোনো যুৱকে নলবাৰী পৰিবহণ বিভাগৰ অসাধু কৰ্মচাৰীৰ নিৰ্দেশত আশী হাজাৰ টকা আদায় নিদিয়া বাবে পাঠশালাত তেনেদৰে ৰাখি থোৱা বুলি জানিবলৈ দিয়ে গাড়ীৰ হেণ্ডিমেনে ৷

তালাচী চলোৱাৰ নামত ধন সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

...view details