জনীয়া,9 জুন:বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত হালধীয়া গাঁও পঞ্চায়তৰ সভাপতি ইজাজ ৰহিমৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ। হালধীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দেওকুৰাৰ পৰা মনাকাছা সংযোগী পথছোৱাত পঞ্চায়ত সভাপতিগৰাকীয়ে কোনো ফলক নলগোৱাকৈ নিয়ম বহিৰ্ভূত ভাৱে এটা কালভাৰ্ট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰাকলৈ সৰব হৈ পৰিছে স্থানীয় ৰাইজ ।
উল্লেখ্য যে, মনাকাছা সংযোগী পথছোৱাত পূৰ্বতে এটা কালভাৰ্ট থকা সত্বেও উক্ত স্থানত আন এটা কালভাৰ্টৰ নামত ধন আবন্টন কৰা বুলি অভিযোগ কৰিছে ৰাইজে ৷ অকল সেয়াই নহয়, উক্ত কালভাৰ্টো নিৰ্মাণৰ নামত আবন্টিত ধনসমূহ আত্মসাৎ কৰাৰো চেষ্টা চলোৱা বুলি পঞ্চায়ত সভাপতি গৰাকীৰ বিৰুদ্ধে আন এটা অভিযোগ কৰিছে ৰাইজে ।