বৰপেটা, 23 জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীয়ে সন্ত্ৰাস চলাই থকাৰ সময়তে বৃহস্পতিবাৰে বৰপেটা জিলাত এক বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ কৰা হয় ৷ বৰপেটাৰ হাউলীত আৰক্ষীৰ সহযোগত জিলা প্ৰশাসনে অভিযান চলাই জব্দ কৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (PDS) বৃহৎ পৰিমাণৰ চোৰাং চাউল ৷
তথ্য অনুসৰি, হাউলীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিছমিল্লাহ ধাবাত অভিযান চলাই জিলা প্ৰশাসনে জব্দ কৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ১৭০ বস্তা চাউল ৷ হাউলী আৰক্ষী আৰু যোগান বিভাগৰ সহযোগত বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত সব্যাসাচী কাশ্যপ আৰু নৱজিৎ পাঠকৰ নেতৃত্বত বিছমিল্লাহ ধাবাত অভিযান চলাই চোৰাং চাউলৰ বস্তাসমুহ জব্দ কৰে ৷ ইপিনে ধাবা খনৰ পৰা বস্তা চিলাই কৰা মেচিন এটাও জব্দ কৰে প্ৰশাসনে ৷