অসম

assam

ETV Bharat / state

দক্ষিণ তিতাপানী সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানী বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ - আক্কেল আলীৰ ব্যাপক লুণ্ঠন

দক্ষিণ তিতাপানী সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানী আক্কেল আলীৰ বিৰুদ্ধে ব্যাপক লুণ্ঠনৰ অভিযোগ। নিয়মিত বিতৰণ কৰা চাউলৰ লগতে লক ডাউনৰ সময়ত চৰকাৰে দিয়া সহায়ৰ চাউলতো লুণ্ঠন। আক্কেল আলীৰ বিৰুদ্ধে বিহিত ব্যৱস্থাৰ দাবী বঞ্চিত হিতাধিকাৰীৰ।

দক্ষিণ তিতাপানী সমাবয় সমিতিৰ সুলভ মূল্যৰ দোকানী বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ
দক্ষিণ তিতাপানী সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানী বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

By

Published : Apr 19, 2020, 3:24 PM IST

জনীয়া 19 এপ্ৰিল :সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানী সকলে খাদ্য সুৰক্ষা আঁচনিৰ নিয়মিত চাউল লুণ্ঠনৰ অভিযোগ বাতৰি বহু পুৰণি। ক‘ৰণা ভাইৰাছ প্ৰতিৰোধৰ বাবে লক ডাউনৰ সময়ত খাদ্য সংকটত পৰা ৰাইজক চৰকাৰে প্ৰতিজন ব্যক্তিকে ৫ কেজিকৈ সুলভ মূল্যৰ দোকানীৰ জৰিয়তে চাউল বিতৰণ কৰিবলৈ দিছিল।

দক্ষিণ তিতাপানী সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানী বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

এই দুৰ্যোগৰ সময়তো সুলভ মূল্যৰ দোকানীয়ে দুখীয়া ৰাইজক ব্যাপক লুণ্ঠনৰ অভিযোগ উঠিছে বৰপেটা জিলাৰ দক্ষিণ তিতাপানী সমবায় সমিতিৰ মুহীয়া গাঁওৰ সুলভ মূল্যৰ দোকানী আক্কেল আলীৰ বিৰুদ্ধে চলাইছে লুণ্ঠনৰ অভিযোগ। একাংশ হিতাধিকাৰীৰ নামত খাদ্য সুৰক্ষাৰ আই ডি আছে কিন্তু কাৰ্ড নথকা ব্যক্তিয়ে দীৰ্ঘ দিনৰ পৰাই চাউলৰ লগতে বভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আছে।

দক্ষিণ তিতাপানী সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানী বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

ইপিনে খাদ্য সুৰক্ষাৰ কাৰ্ডৰ তালিকাত থকা প্ৰতিঘৰ হিতাধিকাৰী পৰিয়ালৰ বিপৰীতে ১ জন বা ২ জনক বঞ্চিত কৰি চাউল বিতৰণ কৰে ৷ লক ডাউনৰ সময়ত খাদ্য সংকটৰ সময়ত সহায়ৰ বাবে চাউল বিতৰণতো একেই লুণ্ঠন চলোৱাৰ অভিযোগ হিতাধিকাৰীৰ। দক্ষিণ তিতাপানী সমাবয় সমিতিৰ অন্তৰ্গত সুলভ মূল্যৰ দোকান সমূহত সহস্ৰাধিক কাৰ্ড নথকা হিতাধিকাৰী আছে যদিও খাদ্য সুৰক্ষাৰ কাৰ্ড নথকাৰ বাবে দীৰ্ঘ দিনৰ পৰা সুলভ মূল্যৰ নিয়মিত চাউলৰ লগতে লক ডাউনৰ সময়ত চৰকাৰে দিয়া সহায়ৰ পৰাও বঞ্চিত হৈছে। এই ক্ষেত্ৰত বঞ্চিত হিতাধিকাৰীয়ে আক্কেল আলীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা কৰিবলৈন প্ৰশাসনক দাবী উত্থাপন কৰিছে।


লগতে পঢক ঃছীল হ’ল মৰিগাঁৱৰ দুখনকৈ গাঁও

ABOUT THE AUTHOR

...view details