অসম

assam

By

Published : Aug 27, 2019, 1:43 PM IST

ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ত চটফটাইছে ৰোগীয়ে,কান্দিছে নৱজাতকে !

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত অচলাৱস্থা ৷

চটফটাইছে ৰোগীয়ে,কান্দিছে নৱজাতকে

বৰপেটা,27 আগষ্টঃকলগাছিয়াৰ বৰপেটাঅসামৰিক চিকিৎসালয়ত স্বাস্থ্যবিভাগৰ ফোপোলা স্বৰূপ ৷ উৎকট গৰমত বিদ্যুতৰ অভাৱত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ ৷ চিকিৎসালয়খনত জেনেৰেটৰ ব্যৱস্থা থকাৰ পিছতো ৰোগীৰ বাবে চলোৱা নহয় ডিজি ৷ আনফালে বিদ্যুৎ নাথাকিলেও চিকিৎসকৰ কোঠাত সঘনাই চলি থাকে এ চি আৰু ফেন ৷ ইয়াৰোপৰি চিকিৎসালয়খনৰ নাৰ্চে ডকাইতৰ ৰূপ ধাৰণ কৰাৰ অভিযোগো উত্থাপন হৈছে ৷

চটফটাইছে ৰোগীয়ে,কান্দিছে নৱজাতকে

প্ৰসূতি ৰোগীৰ সকলো সা-সুবিধা বিনামূলীয়া যদিও এই চিকিৎসালয়ত থকা নাৰ্চে প্ৰতি গৰাকী প্ৰসূতি ৰোগীৰ অভিভাৱকৰ পৰা বলপূৰ্বক ৫০০-৬০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে প্ৰসূতি ৰোগীৰ অভিভাৱকে।

ABOUT THE AUTHOR

...view details