জনীয়া, 8 ছেপ্টেম্বৰ: "ইয়াৰ গৰমত কালিৰ পৰা কোনো ৰোগীয়ে শুব পৰা নাই ৷ 1200 টা ছীটৰ মাজত কোঠাটোত মাত্ৰ দুখনকৈ ফেন ৷ ইয়াত বিজুলী এঘণ্টা থাকিলে দুঘণ্টা নাথাকে ৷ হিমন্ত চাৰ আপুনি কলগাছিয়া মেডিকেললৈ চকুটো মেলি চাওক ৷" অত্যাধিক গৰমত ত্ৰাহি মধুসোদন সুঁৱৰিছে ৰোগীয়ে (Patient complaint against govt hospital) ৷ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহৰ বিৰুদ্ধে সততে অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এইবাৰ উৎকত গৰমত চৰকাৰক সুঁৱৰিছে ৰোগীয়ে (Electricity crisis in Hospital) ৷
ৰাজ্যজুৰি অত্যাধিক গৰমৰ ফলত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত (worst situation in Barpeta civil hospital) নিশা ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ বিদ্যুৎ নাথাকিলে ৰোগীৰ প্ৰতিটো কোঠাত ঘণ্টাৰ পৰা ঘণ্টালৈকে নচলে এখনো ফেন । যাৰবাবে ৰোগীয়ে এতিয়া নিজেই বিচনীৰে বিচিব লগা হৈছে ৷ তাৰোপৰি ব্যৱস্থা থকাৰ পিছতো চিকিৎসালয়ত নচলে ডি জি ৷