অসম

assam

ETV Bharat / state

বিটিএডিত অবড়ো সভাত অথন্তৰ! বিকৃত ৰূপত পৰিৱেশন হ'ল জাতীয় সংগীত - Pathshala BTAD new political party and BTAD Army formation meeting : BTAD Jatiya Sangeet sang very bad

পাঠশালাত অনুষ্ঠিত বিটিএডিত নতুন ৰাজনৈতিক ৰাজনৈতিক দল গঠনৰ সভাত বিকৃত ৰূপত পৰিবেশন হ'ল জাতীয় সংগীত ৷ এই কাৰ্যত লজ্জিত হৈ ক্ষমা বিচাৰে সাংসদ নব শৰণীয়া তথা অবড়ো নেতা ব্ৰজেন মহন্তই ৷

লজ্জানত বিটিএডি ! বিকৃতভাৱে পৰিৱেশন হ'ল জাতীয় সংগীত

By

Published : Sep 22, 2019, 11:55 PM IST

Updated : Sep 25, 2019, 5:14 PM IST

পাঠশালা, 22 চেপ্তেম্বৰ :পাঠশালাৰ আজাদ ভৱন প্ৰাংগনত দেওবাৰে অনুষ্ঠিত বিটিএডিত নতুন ৰাজনৈতিক ৰাজনৈতিক দল গঠনৰ সভাত বিকৃত ৰূপত পৰিবেশন হ'ল জাতীয় সংগীত ৷ মঞ্চত অত্যন্ত বেসুৰীয়াকৈ পৰিবেশন কৰা হ'ল জাতীয় সংগীত ৷ অবড়ো নেতা মফিদুল আহমেদ ৰ নেতৃত্বত পৰিবেশন হৈছিল জাতীয় সংগীতটো ৷ এই লজ্জাজনক কাৰ্যৰ বাবে সংবাদ মাধ্যমৰ আগত ক্ষমা বিচাৰে অনুষ্ঠানটোত উপস্থিত থকা সাংসদ নৱ শৰণীয়া তথা অবড়ো নেতা ব্ৰজেন মহন্তই ৷ হাতত মাইক্ৰফ'ন থকা ব্যক্তি জনৰ ভুলৰ বাবেই এনে হোৱা বুলি মন্তব্য কৰে নেতা দুজনে ৷

লজ্জানত বিটিএডি ! বিকৃতভাৱে পৰিৱেশন হ'ল জাতীয় সংগীত

উল্লেখযোগ্য যে, এই সভাত নব শৰণীয়াৰ নেতৃত্বত গঠন কৰা হয় বিটিএডি আৰ্মি আৰু একেলগে ৰাজনৈতিক দল হিচাপে গঠন কৰা হয় গণ সুৰক্ষা পাৰ্টী, অসম ৷ এই সন্দৰ্ভত অবড়ো ঐক্য মঞ্চৰ নেতা ব্ৰজেন মহন্তই কয় যে, বিটিএডি আৰ্মি কোনো সসস্ত্ৰ সংগঠন নহয় ৷ বিটিএডি আৰ্মি হৈছে বিটিএডিৰ শোষিত অবড়ো লোকৰ দুখ দুৰ্দশা আৰু বিপদৰ সময়ত মাত মাতিব পৰা এটা সংগঠন ৷ আনহাতে বিটিএডি আৰ্মি গঠন হোৱাৰ পিছতে আজি ইতিহাস সৃষ্টি কৰি নব শৰণীয়াৰ নেতৃত্বত একেখন মঞ্চতে গণ সুৰক্ষা পাৰ্টী, অসম নামেৰে ৰাজনৈতিক দলটো গঠন কৰা হয় ৷ 21 জনীয়া কৰ্ণধাৰ সমিতিৰে গঠন হ'বলগীয়া দলটোৰ সভাপতি হিচাপে সাংসদ নব কুমাৰ শৰণীয়াক বাচনি কৰা হয় ৷ অনাগত সময়ত অবড়ো নেতা সকলে এই ৰাজনৈতিক দলৰ পৰাই বিটিএডি ৰ পৰিষদীয় নিৰ্বাচন আৰু বিধান সভাত নিৰ্বাচন খেলিব বুলি জানিবলৈ দিয়ে ৷ এই সিদ্ধান্তৰ পৰিণতিত আগন্তুক বিটিচি নিৰ্বাচনত যে বিপিএফ তথা হাগ্ৰামা মহিলাৰিক উৎখাত কৰি অবড়োৰ নেতৃত্বত যে গণ সুৰক্ষা পাৰ্টীয়ে বিটিএডি দখল কৰিৱ সেয়া নিশ্চিত বুলি হুঙ্কাৰ প্ৰদান কৰে নব কুমাৰ শৰণীয়াই ৷

লজ্জানত বিটিএডি ! বিকৃতভাৱে পৰিৱেশন হ'ল জাতীয় সংগীত
Last Updated : Sep 25, 2019, 5:14 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details