অসম

assam

ETV Bharat / state

17 শতিকাত বৰৰাণী ফুলেশ্বৰীয়ে স্থাপন কৰা বজালীৰ কালী মন্দিৰটো.... - Pathsala's Bhaluki's

আহোম ৰাজত্ব কালতে স্থাপন কৰা এটা পৌৰানিক কালী মন্দিৰ ৷ আহোম বৰৰাণী ফুলেশ্বৰীয়ে বজালীৰ ভালুকীত স্থাপন কৰিছিল এইটো ঐতিহাসিক কালী মন্দিৰ ৷ বৰ্তমানে এইটো মন্দিৰ পুনৰ নিৰ্মাণ কৰাৰ লগতে প্ৰত্নতাত্বিক বিভাগৰ দ্বাৰা মন্দিৰটোৰ খনন কাৰ্য চলোৱা হ'ব বুলি জানিবলৈ দিয়ে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷

বৰৰাণী ফুলেশ্বৰীয়ে স্থাপন কৰা বজালীৰ কালী মন্দিৰটো
বৰৰাণী ফুলেশ্বৰীয়ে স্থাপন কৰা বজালীৰ কালী মন্দিৰটো

By

Published : Sep 9, 2020, 8:11 PM IST

পাঠশালা, 9 ছেপ্তেম্বৰ : আহোম ৰাজত্বকালৰ সাক্ষ্য বহন কৰা বজালীৰ এটা ঐতিহাসিক মন্দিৰ ৷ বৃহত্তৰ বজালী অঞ্চলৰ ভালুকীত থকা এইটো মন্দিৰ হৈছে প্ৰাচীন কালী মন্দিৰ ৷ 17শ শতিকাতে আহোম বৰৰাণী ফুলেশ্বৰীয়ে স্থাপন কৰিছিল এইটো প্ৰাচীন কালী মন্দিৰ ৷ বৰ্তমান সময়ত ভগ্নাৱশেষলৈ পৰিনত হোৱা মন্দিৰটোৰ বিষয়ে বজালী প্ৰেছ গীল্ডৰ সাংবাদিকসকলে বিস্তাৰিতভাৱে বাতৰি পৰিৱেশন কৰিছল ৷

লগতে পঢ়ক :প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যৰ কুচকাৱাজ, ৰিজাং লাত চীনা সৈন্যৰ ঘাটি স্থাপনৰ চেষ্টা

সংবাদ মাধ্যমত এইটো পৌৰানিক মন্দিৰৰ বিষয়ে জ্ঞাত হৈ উক্ত স্থানত উপস্থিত হয় বৰপেটা জিলাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মা ৷ জিলা উপায়ুক্তগৰাকীয়ে উক্ত মন্দিৰটো প্ৰত্নতাত্বিক বিভাগৰ দ্বাৰা খনন চলোৱাৰ লগতে চৰকাৰী খৰচত ইয়াৰ পুনৰ নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

17 শতিকাত বৰৰাণী ফুলেশ্বৰীয়ে স্থাপন কৰা বজালীৰ কালী মন্দিৰটো

আনহাতে ভালুকীৰ আহোমদিনীয়া এই পুৰণি মন্দিৰটো সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বজালী জিলা প্ৰেছ গীল্ডৰ সাংবাদিকসকলক ৰাইজে ধন্যবাদ জ্ঞাপন কৰে । স্বাভাৱিকতে এতিয়া আহোমদিনীয়া মন্দিৰটো প্ৰাণ পাই উঠিব বুলি আশা কৰি উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ l

লগতে পঢ়ক :বিকশিত অসমৰ নমুনাঃ 22 বছৰে নিৰ্মাণ নহ'ল এখন দলং

ABOUT THE AUTHOR

...view details