পাঠশালাত বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে বৃহৎ চাইকেল ৰেলী - পাঠশালাত বৃহৎ চাইকেল ৰেলী
29 অক্টোবৰত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব ষ্ট্ৰোক দিৱস ৷

পাঠশালা, 29 অক্টোবৰ: মঙলবাৰে সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হল বিশ্ব ষ্ট্ৰোক দিৱস ৷ এই উপলক্ষে বৰপেটা জিলাৰ পাঠশালত আয়োজন কৰা হল এক বৃহৎ চাইকেল ৰেলী ৷ মূলত ষ্ট্ৰোক সম্পর্কে জনসাধাৰণৰ মনত সজাগতা বৃদ্ধিৰ উদ্দশ্যে 'পাঠশালা সমন্বয়'ৰ উদ্যোগত উলিওৱা এই চাইকেল ৰেলীত বৃহত্তৰ পাঠশালা অঞ্চলৰ কেইবাটাও চাইক্লিং গ্ৰুপে অংশগ্ৰহণ কৰে ৷ সাংবাদিকৰ সৈতে হোৱা এক বার্তালাপত আয়োজক সমিতিয়ে পাঠশালা সমন্বয়ৰ প্ৰয়াত সদস্য হিৰণজিৎ ডেকাই ষ্ট্ৰোকত মৃত্যুবৰণ কৰাৰ পাছতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই অনুষ্ঠান আয়োজন কৰাৰ কথা সদৰি কৰে ৷ ইফালে অনুষ্ঠানটোত পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় আদিকে ধৰি বহুলোক উপস্থিত থাকে ৷