বজালী, 1 জুন :বজালী জিলাৰ পাঠশালাৰ দুই নিচা আসক্ত যুৱক ভুটু আৰু দাবু ৰাগিয়াল জাতীয় বস্তু সেৱন কৰি নিজকে পাহৰি পেলাইছিল ৷ কিন্তু জীয়াই থকাৰ হেঁপাহে তেওঁলোক দুয়োজনকে দিলে নতুন জীৱন । অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে দুই যুৱকে ৷ নিচাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে গুৱাহাটীৰ এখন ৰিহেবিলেশ্যন চেন্টাৰত তেওঁলোকে আৰম্ভ কৰে চিকিৎসা ৷
চিকিৎসাৰ পাছত দুয়োজন সুস্থ হৈ ঘৰলৈ ঘূৰি আহে আৰু পাঠশালাত মংগলম নামে এখন মাদক দ্ৰব্য আৰু ড্ৰাগছ নিবাৰণ সংস্থা স্থাপন কৰে । এই সংস্থাটোত অসমৰ বিভিন্ন ঠাইৰ পৰা নিচা আসক্ত যুৱক আহি ভৰ্তি হয় আৰু নিচাৰ পৰা মুক্তি লাভ কৰি এখন সুন্দৰ সংসাৰ চলাই নিবলৈ সক্ষম হৈছে ।