অসম

assam

ETV Bharat / state

HSLC Result : পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখিছে পাঠশালাৰ দুখনকৈ বিদ্যালয়ে - আনন্দৰাম বৰুৱা একাডেমী

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত শিক্ষানগৰী পাঠশালা (Pathsala)ৰ আনন্দৰাম বৰুৱা একাডেমী (Anundoram Borooah Academy) আৰু পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয় (Pathsala Sikshapith Adarsha Buniyadi High School)ৰ উৎকৃষ্ট ফলাফল ৷ আনন্দৰাম বৰুৱাৰ একাডেমীৰ ছাত্ৰ বাস্তৱ প্ৰয়াস ডেকাই 99.16 শতাংশ আৰু পাঠশালা শিক্ষাপীঠৰ ছাত্ৰ অলিংগন দেৱ শৰ্মাই 99 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

hslc results in pathsala
পাঠশালাত HSLCৰ ফলাফল

By

Published : Jul 30, 2021, 9:52 PM IST

পাঠশালা, 30 জুলাই : এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফলত পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখিছে শিক্ষানগৰী পাঠশালা (Pathsala)ৰ বিদ্যালয়সমূহে ৷ ক’ভিড (Covid)সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ পৰীক্ষা অনুষ্ঠিত নহ’ল যদিও মূল্যাংকণ পদ্ধতিৰে ঘোষণা কৰা ফলাফলেৰেও ভাল ফলাফল লাভ কৰিছে শিক্ষানগৰীৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ প্ৰতিবছৰে ভাল ফলাফল দেখুওৱা পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী (Anundoram Borooah Academy) আৰু পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয় (Pathsala Sikshapith Adarsha Buniyadi High School)য়ে এইবেলিও উজলি উঠিবলৈ সক্ষম হৈছে ৷

পাঠশালাত HSLCৰ ফলাফল

লগতে পঢ়ক :মেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

অগ্ৰণী শিক্ষানুষ্ঠান দুখনৰ পৰা 100 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগতে আনন্দৰাম বৰুৱাৰ একাডেমীৰ ছাত্ৰ বাস্তৱ প্ৰয়াস ডেকাই 99.16 শতাংশ আৰু পাঠশালা শিক্ষাপীঠৰ ছাত্ৰ অলিংগন দেৱ শৰ্মাই 99 শতংশ নম্বৰ লাভ কৰি সমগ্ৰ বজালীলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ শিক্ষানগৰীত এইবাৰ পূৰ্বৰ দৰে আনন্দ, আটচবাজীৰ শব্দ, হৰ্ষোল্লাস নাই যদিও বিদ্যালয় দুখনে পূৰ্বৰ মান অক্ষুন্ন ৰাখিছে ৷

পোন প্ৰথমবাৰৰ বাবে পৰীক্ষা বিহীন মূল্যায়ণ পদ্ধতিৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ক’ভিডৰ ভয়াৱহতাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে শিক্ষা বিভাগে । পৰীক্ষাবিহীন ফলাফলৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক :মেট্ৰিকৰ ফলাফল সন্দৰ্ভত কি ক'লে ছেবাৰ সচিবে ?

ABOUT THE AUTHOR

...view details