পাঠশালা, 3 ফ্ৰেব্ৰুৱাৰী : নিৰ্বাচন চমু চাপি অহা ক্ষণত সবাতোকৈ আকৰ্ষনীয় হৈ পৰিছে পাটাছাৰকুছিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ বিগত নিৰ্বাচনত অগপৰ পবিন্দ্ৰ ডেকাৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিৰ যে চকু পৰিছে সেয়া উমান পোৱা গৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ কুচকাৱাজত ৷ বিগত 6 মাহত বজালীৰ ভবানীপুৰ আৰু পাটাছাৰকুছিত তেওঁৰ সঘন অহা-যোৱাই প্ৰমাণ কৰিছে এই কথা ৷
লগতে পঢ়ক :কি হ'ব এইবাৰ পাটাছাৰকুছিত ? হাইপ্ৰফাইল নেতাৰে ভৰিছে সমষ্টি !
ইতিমধ্যেই পাঠশালাৰ কেন্দুগুৰিত ইউনাইটেড ক্লাবত এখন সভাত মুকলি কৈ ঘোষণা কৰিছে যে পাটাছাৰকুছি সমষ্টি দৰাচলতে বিজেপিৰে হ’ব লাগে l ইয়াৰ পূৰ্বে পাঠশালাত মা দুৰ্গা জিমত সোমাই শক্তি প্ৰদৰ্শন কৰি ৰণজিৎ দাসে দেখুৱালে নিজৰ দুৰন্ত বক্সিং পাঞ্চ ৷ সমানেই জিমত সকলোৰে আগত ট্ৰেক্টৰৰ ডাঙৰ চকা দাঙি নিজৰ আত্ম শক্তিৰ পৰিচয় দিছে ৰণজিৎ দাসে ৷ সদায় পুৱা ফেচবুকৰ জৰিয়তে ৰাইজক সম্বোধন কৰা ৰণজিৎ দাসে দেখুওৱা এই শক্তিয়ে তেওঁৰ মানসিক শক্তিৰে পৰিচয় দাঙি ধৰিছে ৷
জানিব পৰা মতে ৰণজিৎ কুমাৰ দাসে সৰভোগ আৰু পাটাছাৰকুছি দুয়োটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব পাৰে ৷ সৰভোগ সমষ্টিতো তেওঁ সমানে ৰাইজৰ ওচৰ চাপি সমষ্টিবাসীৰ বাবে সৰ্বোচ্চ উজাৰি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ৷ সকলো ঠিকে ঠাকে থাকিলে বিহুৰ পিচত নিৰ্বাচনী ফলাফলত ৰনজিৎ দাসৰ এই চমক থাকে নে নাথাকে সেয়া স্পষ্ট হৈ পৰিব ৷
লগতে পঢ়ক :ৰিপুণ বৰাৰ চুনামি বাংলাদেশত আহিবঃ হিমন্ত বিশ্ব শৰ্মা