পাঠশালা,11 মে’: বজালী জিলাৰ সদৰ পাঠশালাত আৰক্ষীৰ চূড়ান্ত নিস্ক্ৰিয়তাৰ বাবে বিগত কিছুদিনৰ পৰা বৃদ্ধি পাবলৈ ধৰিছে চুৰি কাৰ্য ৷ প্ৰতিদিনে কেইবাখনো দোকানত চুৰি কৰি ৰাইজৰ মাজত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে চোৰে ।
আৰক্ষী নথকাৰ সুযোগতে চোৰে বিভিন্ন সামগ্ৰীৰ উপৰিও বাইক আদিও চুৰি কৰি আহিছে । চোৰে এই চুৰি কাৰ্য যে অকল নিশাৰ ভাগতে কৰে এনে নহয়, দিন-দুপৰতে প্ৰায়ে বাইক চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে শিক্ষানগৰীখনত । মঙলবাৰেও পাঠশালাৰ শীতল ৰিজ’ৰ্টৰ সন্মুখৰ পৰা এখন বাইক লৈ উধাও হয় চোৰ ।
শীতল ৰিজ’ৰ্টৰ সমীপত বাইক চুৰি কিন্তু পৰিতাপৰ কথা যে প্ৰতিদিনে সংঘটিত এনে চুৰি কাৰ্যৰ কিমান অভিযোগ পাঠশালা থানাত দাখিল হৈছে তাৰ হিচাপ নাই ৷ কিন্তু আজিলৈকে চোৰক কৰায়ত্ব কৰিব নোৱাৰিলে আৰক্ষীয়ে ।
ভুক্তভোগী লোকসকলে পাঠশালা আৰক্ষীক অভিযোগ দিলেও নানা অজুহাত দেখুৱাই গা এৰা বুলি উত্থাপিত অভিযোগে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্নৰ অৱতাৰণ কৰিছে ৷ এনে অৱস্থাত অনাগত দিনত চুৰি কাৰ্য ৰোধ কৰাৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।
লগতে পঢ়ক:ঈদ উপলক্ষে ডিব্ৰুগড়ত সাহায্য বিতৰণ