নিউজ ডেস্ক, 29 মে’:ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । কোনোৱে যদি নতুনকৈ আক্ৰান্ত হৈছে কোনোৱে আকৌ মহামাৰীৰ যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিছে । ইয়াৰ মাজতে বজালী আৰু তেজপুৰত দুগৰাকী বৃদ্ধই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । যিসময়ত কৰ'ণাকলৈ বহু লোক শংকিত হৈ আছে সেই দুগৰাকী বয়োজ্যেষ্ঠই কৰ'ণাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ।
মহামাৰীৰ জটিল পৰিস্থিতিত আজি বাতৰিৰ শিৰোনাম দখল কৰিছে এই দুগৰাকী ককা-আইতাই । জীৱনৰ অন্তিম সময়তো এই দুগৰাকীৰে মনত আছে অত্যন্ত ধৈৰ্য্য আৰু বিশ্বাস । যাৰ বাবে আজি অতিমাৰী কৰ'ণাকো পৰাস্ত কৰি নিজৰ ঘৰলৈ উভতিব পাৰিছে তেওঁলোকে ।
বজালী জিলাৰ পাঠশালাৰ এইগৰাকী ৮০ বছৰীয়া পঞ্চদা খাটনিয়াৰ । কিছুদিন পূৰ্বে কৰ'ণাৰ স্বীকাৰ হৈছিল এইগৰাকী আইতা । কিন্তু পৰিয়ালৰ প্ৰাৰ্থনা আৰু মনৰ দৃঢ় বিশ্বাসৰ বাবে গুৱাহাটীত দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত আজি আইতা সম্পূৰ্ণ সুস্থ । মুখত কথা নুফুটে তথাপিও কৰ'ণাক পৰাস্ত কৰি হাতত খবৰ কাগজলৈ আজি দেশ বিদেশৰ খবৰ ৰাখিছে আইতাই ।