পাটাছাৰকুছি, 11 জুলাইঃ উফন্দি উঠা কালদিয়া নৈয়ে বজালীৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ বাবে বিপদ মাতি আনিছে ৷ বৃহস্পতিবাৰে কালদিয়া নৈৰ বাঢ়নী পানীয়ে বজালীৰ কেইবাখনো গাঁৱত বানৰ সৃষ্টি কৰাৰ লগতে নামনিৰ ঐতিহ্য মন্দিত ভোগেশ্বৰী মন্দিৰৰ প্ৰতিও সংকটৰ সৃষ্টি কৰিছে ৷ কোবাল সোঁতে নিমিষতে খহাই লৈ যায় মন্দিৰলৈ যোৱা মূল গড়কাপ্তানি পথৰ দুটাকৈ কালভাৰ্ট ৷
বজালীত কালদিয়াই লৈছে কালৰূপ - পাঠশালা
বৃহস্পতিবাৰে কালদিয়া নৈৰ বাঢ়নী পানীয়ে বজালীৰ কেইবাখনো গাঁৱত বানৰ সৃষ্টি কৰাৰ লগতে নামনিৰ ঐতিহ্য মন্দিত ভোগেশ্বৰী মন্দিৰৰ প্ৰতিও সংকটৰ সৃষ্টি কৰিছে ৷ কোবাল সোঁতে নিমিষতে খহাই লৈ যায় মন্দিৰলৈ যোৱা মূল গড়কাপ্তানি পথৰ দুটাকৈ কালভাৰ্ট ৷
বজালীত কালদিয়াৰ সংহাৰী ৰূপ
আনহাতে কালদিয়াৰ কাষতে থকা ভোগেশ্বৰী মন্দিৰৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে কালদিয়াৰ ভয়াৱহ বানে ৷ বজালীৰ নিত্যানন্দ, ভোগপুৰ, বদনকুচি, উলুৱা, পানবাৰী, অকয়া আদি গাঁও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷
লগতে পঢ়কঃ গৰাখহনীয়া কৱলত বিকল্প ৰাজ্যিক ঘাই পথ