পাঠশালা, 24 জুলাই:মঙলবাৰে নিশা পাঠশালাত পহুমাৰা নৈৰ তাণ্ডৱত প্লাৱিত হৈ পৰে বজালীৰ উত্তৰ প্ৰান্তৰ নৈ পৰীয়া ৰাইজে৷ পূৱ কলৰ গুৰিত মাথাউৰি ভঙাৰ পৰিণতিত পহুমৰা নদীৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ বহুলোকক বিপদত পেলোৱাৰ লগতে বহু লোকক বানত আৱদ্ধ হৈ পৰে ৷
পহুমাৰা নৈৰ তাণ্ডৱত প্লাৱিত বজালীঃ নিশ্চিত বিপদৰ পৰা উদ্ধাৰ বন্যাৰ্ত - বৰপেটা জিলা আৰক্ষী
আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত এচ ডি আৰ এফ বাহিনী আৰু বৰপেটা জিলা আৰক্ষীয়ে নিশাৰ পৰা আজি পুৱালৈকে অভিযান চলাই দলৈ গাৱঁকে আদি কৰি বহু অঞ্চলৰ বন্যাৰ্তক উদ্ধাৰ কৰে ৷
![পহুমাৰা নৈৰ তাণ্ডৱত প্লাৱিত বজালীঃ নিশ্চিত বিপদৰ পৰা উদ্ধাৰ বন্যাৰ্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3929370-thumbnail-3x2-nfmd1.jpg)
তেনে পৰিস্থিতত আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত এচ ডি আৰ এফ বাহিনী আৰু বৰপেটা জিলা আৰক্ষীয়ে নিশাৰ পৰা আজি পুৱালৈকে অভিযান চলাই দলৈ গাৱঁকে আদি কৰি বহু অঞ্চলৰ বন্যাৰ্তক উদ্ধাৰ কৰে ৷ প্ৰায় 15 টা শিশুকেসহ কেবাগৰাকী মহিলাকে ধৰি কিছু জীৱ-জন্তুকো উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে ৷ দলটোৱে নিশা দুই বজালৈকে 36 জন লোকক আৰু পুৱালৈকে প্ৰায় 60 জন লোক উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ৷ ইপিনে এনে বান পৰিস্থিতিত বজালী ৰাজহ চক্ৰৰ অন্তৰ্গত কঠালমুৰীঘাট,হলোঙবাৰী,চেঙলীমাৰা আৰু কলগুৰী,লগতে বন্ধ সিধনী, হকাৰ টুপ আদি গাঁৱত বাঢ়নি পানীত আবদ্ধ হৈ থকা লোকক উদ্ধাৰৰ কৰিবৰ বাবে বৰপেটা জিলা প্ৰশাসনে সেনা বাহিনীৰো সহায় লৈছে। আনহাতে বানত প্ৰায় 300 লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এই বন্যাৰ্তৰ উদ্ধাৰ অভিযানত জিলা আৰক্ষী আয়ুক্ত সমীৰণ বৈশ্য ,বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ বৰা,পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন ৰাউত,সূৰ্য বৰা উপস্থিত থাকে ৷