অসম

assam

ETV Bharat / state

বজালীৰ আশ্ৰয় শিবিৰত কৰ্কট ৰোগীৰ দুৰৱস্থা

বানত ঘৰ বাৰী হেৰুৱাই আশ্ৰয় শিবিৰৰ বাসিন্দা হোৱা কৰ্কট ৰোগী ভৱেন কলিতাই পাৰ কৰিছে এক দুৰ্বিষহ জীৱন ৷ বিগত সাত দিন ধৰি চিকিৎসাৰ অভাৱত আশ্ৰয় শিবিৰতে আছে লোকজন ৷

বজালীৰ আশ্ৰয় শিবিৰত কৰ্কট ৰোগীৰ দুৰৱস্থা

By

Published : Jul 29, 2019, 8:43 PM IST

পাঠশালা,২৯ জুলাইঃ বজালীৰ বান বিধ্বস্ত মহাৰাণী নৈ পৰীয়া লোকৰ দুৰৱস্থা ৷ বানত ঘৰ বাৰী হেৰুৱাই আশ্ৰয় শিবিৰৰ বাসিন্দা হোৱা কৰ্কট ৰোগী ভৱেন কলিতাই পাৰ কৰিছে এক দুৰ্বিষহ জীৱন ৷ চাৰি মাহ পূৰ্বেই কৰ্কট ৰোগত আক্ৰান্ত হৈছিল লোকজন ৷ কিন্তু বিগত সাত দিন ধৰি চিকিৎসাৰ অভাৱত আশ্ৰয় শিবিৰতে আছে লোকজন ৷ ইতিমধ্যে ভৱেন কলিতাৰ পত্নীয়ে নিজৰ দুবিঘা মাটি বিক্ৰী কৰিছে স্বামীৰ নামত ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে লোকজনৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান জনাইছে চৰকাৰক ৷

বজালীৰ আশ্ৰয় শিবিৰত কৰ্কট ৰোগীৰ দুৰৱস্থা

ABOUT THE AUTHOR

...view details