পাঠশালা, 21 জানুৱাৰী: যিকোনো এটা দুৰ্ঘটনাই নিমিষতে চূৰমাৰ কৰি দিব পাৰে এটা জীৱন অথবা এটা পৰিয়াল ৷ এনে দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰয়াস কৰি বৰপেটা জিলা পৰিবহন বিষয়া হিমাংশু দাসে আজি পাঠশালাত ঘৰে ঘৰে প্ৰচাৰ চলাব যাওঁতে দুৰ্ঘটনাত পতিত পৰিয়ালৰ যি দুৰ্দশা পোহৰলৈ আহিল সিয়ে আপোনাৰো চকু সেমেকাই তুলিব ৷ পাঠশালাত আজি পুৱাৰে পৰা বৰপেটা জিলা পৰিবহন বিষয়া গৰাকীৰ লগতে মটৰ পৰিদৰ্শক পংকজ কুমাৰ দাস আৰু বিচ্ছেশ্বৰ ৰয়ৰ নেতৃত্বত এই ব্যতিক্ৰমী পদক্ষেপ লোৱা হয় ৷
পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ বিভাগৰ কৰ্মচাৰী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্য সহিতে বেনাৰ লৈ ঘৰে ঘৰে চলাইছে প্ৰচাৰ অভিযান ৷'বাইক চলাওঁতে হেলমেট পিন্ধক আৰু গাড়ীত চিট বেল্ট লগাওক'এনে পৰিক্ৰমাৰে দুৰ্ঘটনাত পতিত লোকৰ পৰিয়ালক গামোছাৰে সম্ভাষণ জনাই তেওঁলোকৰ পৰিস্থিতিৰ বুজ ললে ৷ এই অভিযানত বিভিন্ন পৰিয়াল পৰ্যবেক্ষণ কৰাত পোহৰলৈ আহিল বহু হৃদয় বিদাৰক ঘটনা ৷ যদি কোনো সুঠাম যুৱক দীৰ্ঘদিন পংগু হৈ বিচনাত আছে, আন কোনোবা দুৰ্ভগীয়া পিতৃৰ হিয়া ভগা কান্দোন ৷ এই দৃশ্য যেন অসহনীয় ! ইপিনে স্বামী দুৰ্ঘটনাত পতিত হোৱাৰ পিছত কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী পত্নীৰ উচুপনিত অনুভৱ কৰিব পাৰি যে দুৰ্ঘটনা কিমান ভয়াৱহ ৷