পাঠশালা, 28 আগষ্ট :অসমৰ ভিতৰত বৰপেটা জিলাতেই সম্প্ৰতি সংঘটিত হৈ আছে সৰ্বাধিক পথ দুৰ্ঘটনা ৷ মূলত KMCনামৰ কোম্পানীটোৰ দুৰ্নীতিৰ বাবেই এনে কাণ্ড সংঘটিত হৈছে ৷ 2005 চনৰ পৰা আৰম্ভ কৰি 2008 চনত 267 কোটি টকা ব্যয় সাপেক্ষ পথ নিৰ্মাণ কৰিব লাগিছিল যদিও 2020 লৈয়ো পথটো নিৰ্মাণৰ কাম সম্পন্ন হোৱা নাই ৷
এনে ক্ষণতে আজি বৰপেটা জিলা পৰিৱহন বিষয়া হিমাংশু দাসৰ নেতৃত্বত দণ্ডাধীশসহ এটা সজাতি দলে 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ডাইভাৰছন অংশ প্ৰত্যক্ষ কৰি KMCক সকলো কাম 2 মাহৰ ভিতৰত সম্পন্ন কৰিবলৈ সকিয়নী প্ৰদান কৰে ৷ অন্যথা আইনগত ব্যৱস্থা লৈ জেললৈ প্ৰেৰণ কৰিৱ বুলি সকিয়াই দিয়ে ৷