পাঠশালা,১৩জুন: পাঠশালাত চিলিণ্ডাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা মিঠুন ৰয়ৰ সংকটজনক অৱস্থা । মিঠুনক সুস্থ কৰি তুলিবলৈ যুৱকজনৰ পৰিয়ালে ৰাইজৰ পৰা বিচাৰিছে সহায় ।
চিলিণ্ডাৰ বিস্ফোৰণত আহত পাঠশালাৰ মিঠুনঃ অসহায় পৰিয়াল
দুৰ্ভগীয়া পৰিয়ালটোক পাঠশালাৰ সমাজসেৱী গিৰিধৰ চৌধুৰীয়ে 10 হাজাৰ টকাৰে সহায় আগবঢ়ায় যদিও মিঠুনক সুস্থ কৰি তুলিবলৈ পৰিয়ালটোক প্ৰয়োজন হৈছে অধিক ধনৰ । যাৰ বাবে যুৱকজনৰ পৰিয়ালে ৰাইজৰ পৰা বিচাৰিছে সহায় ।
ঘটনা অনুসৰি, ১০ দিন পূৰ্বে মিঠুন ৰয়ে নিজ কন্যাৰ জন্মদিনৰ নিমন্ত্ৰণ দিবলৈ গৈছিল ওচৰৰে এঘৰত । কিন্তু নিমন্ত্ৰণ দিবলৈ যোৱা পৰিয়ালটোৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ হৈ এটি কণমানি আবদ্ধ হৈ পৰিছিল জুইৰ মাজত । অগ্নিদগ্ধ হোৱা ঘৰটোৰ ভিতৰৰ পৰা মিঠুনে কণমানিটোক উদ্ধাৰ কৰিবলৈ ভিতৰলৈ গৈছিল । এই ঘটনাত কণমানিটোক সুস্থভাৱে ঘৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছিল যদিও বিস্ফোৰণত মিঠুনৰ দেহৰ প্ৰায় 36শতাংশই দগ্ধ হ'বলগীয়া হৈছিল । ঘটনা সংঘটিত হোৱাৰ লগে-লগে মিঠুনক ভৰ্তি কৰা হৈছিল জি.এম.চি.এইচত । কিন্তু জি.এম.চি.এইচ কৰ্তৃপক্ষই চিকিৎসাৰ পৰিৱৰ্তে মিঠুন ৰয়ক বাৰাণ্ডাতে পেলাই থয় । যাৰ বাবে পৰিয়ালটিৱে গুৱাহাটীৰ নেমকেয়াৰ হস্পাতালৰ কাষ চাপিবলৈ বাধ্য হয় । ইতিমধ্যে নেমকেয়াৰ কৰ্তৃপক্ষই মিঠুন ৰয়ক পৰ্যাপ্ত সহায় আগবঢ়ায় যদিও আৰ্থিক অনাটনৰ বাবে বুধবাৰে মিঠুনক ঘৰলৈ আনিবলগীয়া হয় । কিন্তু ঘৰলৈ অনাৰ পাছতেই অধিক অসুস্থ হৈ পৰে । যাৰ বাবে বৃহস্পতিবাৰে যুৱকজনক পুনৰ ভৰ্তি কৰা হয় নেমকেয়াৰ হাস্পাতলত ।
দুৰ্ভগীয়া পৰিয়ালটোক পাঠশালাৰ সমাজসেৱী গিৰিধৰ চৌধুৰীয়ে 10 হাজাৰ টকাৰে সহায় আগবঢ়ায় যদিও মিঠুনক সুস্থ কৰি তুলিবলৈ পৰিয়ালটোক প্ৰয়োজন হৈছে অধিক ধনৰ । যাৰ বাবে যুৱকজনৰ পৰিয়ালে ৰাইজৰ পৰা বিচাৰিছে সহায় । এতিয়া আপোনালোকৰ সামান্য সহায়ে ৰক্ষা কৰিব পাৰে মিঠুনৰ জীৱন । মিঠুনৰ সহায়ৰ বাবে আগবঢ়োৱা হৈছে একাউন্ট নম্বৰ-Bank name- canara bank pathsala branch AC-1755108011109, IFSC CODE-CNRB000175510 ।