অসম

assam

ETV Bharat / state

কৃষি বিপ্লৱৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ লৈছে একাংশ শিক্ষিত নিৱনুৱাই - 'সমন্বয় সমবায় সমিতি'

বজালীৰ কেইগৰাকীমান সমাজ সচেতন যুৱকৰ প্ৰচেষ্টাত 'সমন্বয় সমবায় সমিতি' নামৰ এক অনুষ্ঠানৰ জন্ম দি অঞ্চলটোৰ এশ গৰাকী যুৱকক সংগঠিত কৰি আৰম্ভ কৰিছে কৃষি কাৰ্য ৷

কৃষি বিপ্লৱৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ লৈছে একাংশ শিক্ষিত নিৱনুৱাই
কৃষি বিপ্লৱৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ লৈছে একাংশ শিক্ষিত নিৱনুৱাই

By

Published : Jan 8, 2021, 3:23 PM IST

পাঠশালা,8 জানুৱাৰী: ক’ভিড সৃষ্ট পৰিৱেশ আৰু লক ডাউনৰ বাবে জীৱিকাৰ সংশয়ত ভোগা একাংশ যুৱকে এইবেলি কৃষি কৰ্মৰে জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে ৷ উল্লেখ্য যে,বজালীৰ কেইগৰাকীমান সমাজ সচেতন যুৱকৰ প্ৰচেষ্টাত 'সমন্বয় সমবায় সমিতি'নামৰ এক অনুষ্ঠানৰ জন্ম দি অঞ্চলটোৰ এশ গৰাকী যুৱকক সংগঠিত কৰি আৰম্ভ কৰিছে কৃষি কাৰ্য ৷

কৃষি বিপ্লৱৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ লৈছে একাংশ শিক্ষিত নিৱনুৱাই

সম্প্ৰতি এই সমিতি খনে ৪০০ বিঘা কৃষিভূমি লীজত লৈ পৰীক্ষা মূলকভাৱে পাঠশালাৰ মুগুৰীয়াত ৩০ বিঘা কৃষিভূমি সামৰি তিঁয়হ,সৰিয়হ আৰু আলু খেতি কৰে ৷ এইদৰে চাৰি বিঘা কৃষি ভূমিত তিঁয়হ খেতি কৰি সমবায় খনে চাৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে উদ্যোমী যুৱক সকলে ৷

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে আবু চালেমৰ আবেদন

ABOUT THE AUTHOR

...view details