অসম

assam

By

Published : Oct 16, 2020, 10:13 AM IST

ETV Bharat / state

অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

নিৰ্বাচনৰ আগে আগেই নামনি অসমৰ অন্যতম সমষ্টি পাটাছাৰকুছিত আসন ভাগ-বতৰোৱাক লৈ অগপ-বিজেপিৰ মাজত বৃদ্ধি পাইছে বিতৰ্ক ৷ বিগত বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা বিপুল সংখ্যক ভোটত অগপ প্ৰাৰ্থী পবিন্দ্ৰ ডেকাই জয়লাভ কৰিছিল যদিও আগন্তুক নিৰ্বাচনত সমষ্টিটো অগপক এৰি নিদিয়াৰ সিদ্ধান্ত লৈছে বজালী জিলা বিজেপিয়ে ৷

পাটাছাৰকুছি সমষ্টি কোনো কাৰণতে অগপক এৰি নিদিয়ে বিজেপিয়ে
পাটাছাৰকুছি সমষ্টি কোনো কাৰণতে অগপক এৰি নিদিয়ে বিজেপিয়ে

পাঠশালা, 16 অক্টোবৰ : পাটাছাৰকুছিত অগপক আৰু লাঠ মৰাৰ সুযোগ নিদিয়ে বিজেপিয়ে ৷ সমষ্টিটো কোনো কাৰণতে অগপ এৰি নিদিয়াৰ কথা ঘোষণা কৰিছে বিজেপি যুব মৰ্চাই ৷ পাঠশালাত অনুষ্ঠিত হোৱা বিজেপিৰ যুব মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভাত এই মন্তব্য যুৱ বিজেপি নেতাৰ ৷

"অগপক পাটাছাৰকুছি সমষ্টি এৰি দিয়াটো এটা ভয় লগা কথা ৷ কাৰণ অগপক যোৱাবাৰ পাটাছাৰকুছি সমষ্টি এৰি দিয়াৰ পৰিনতিত পাটাছাৰকুছিত অগপই বিজেপিক যি ধৰণে লাঠ মাৰিলে তেনে সুযোগ আৰু পাটাছাৰকুছিত 2021ত অগপক দিয়া নহ'ব ৷ সেয়ে আগন্তুক নিৰ্বাচনত পাটাছাৰকুছি সমষ্টি এইবাৰ লাগিব বিজেপিক ৷" এই মন্তব্য বজালী জিলা যুৱ বিজেপি মৰ্চাৰ নেতাৰ ৷

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অগপ-বিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজিক কেন্দ্ৰ কৰি, বিশেষকৈ পাটাছাৰকুছি সমষ্টিক লৈ যি বিতৰ্কৰ সূচনা হৈছে তেনে সময়তে বৃহস্পতিবাৰে বজালী বিজেপি যুব মৰ্চাই পাঠশালাত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সভাৰ অন্তত এনেদৰে স্পষ্ট মত প্ৰকাশ কৰে ৷ কালিৰ কাৰ্য্যনিৰ্বাহক সভাখনত বিজেপিৰ মিছন 100ৰ লক্ষ্য অনুসৰি কেনেদৰে বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছি, ভবানীপুৰ আৰু সৰুক্ষেত্ৰী সমষ্টিত বিজেপিয়ে জয়ী হ'ব পাৰে সেই সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় ৷ এনে পৰিবেশত যে এইবাৰ অগপক কোনো কাৰণতে বিজেপিয়ে সহজে পাটাছাৰকুছি সমষ্টি এৰি নিদিয়ে সেয়া নিশ্চিত হৈ পৰিছে ৷

পাটাছাৰকুছি সমষ্টি কোনো কাৰণতে অগপক এৰি নিদিয়ে বিজেপিয়ে

লগতে পঢ়ক :বিশ্বনাথত এনৰেগা আচঁনিৰ ৰাহী ধনেৰে নিৰ্মাণ কৰিলে বিদ্যালয় লোহাৰ গেট

ABOUT THE AUTHOR

...view details