পাঠশালা, 26 ডিচেম্বৰ : আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে মহিলা প্ৰাৰ্থীক অধিক গুৰুত্ব দিয়াৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ ক্ষেত্ৰত মহিলাসকলক অধিক অগ্ৰাধিকাৰ দিব ৷ এই ক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে সঁহাৰি দিব বুলি ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা আশাবাদী ৷
শনিবাৰে পাঠশালাত বজালী বিজেপিৰ মহিলা মৰ্চাৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি সভানেত্ৰী অপৰাজিতা ভূঞাই এইদৰে মত পোষণ কৰে ৷ একেলগে বিহাৰৰ ৰাজনীতিত মহিলা সকলে যি সক্ৰিয় ভূমিকা লৈ এটা পৰিবৰ্তনৰ জোৱাৰ আনিলে ঠিক তেনেকৈ অসমতো বিজেপিয়ে মহিলাক ৰাজনীতিত সক্ৰিয়কৰনৰ দ্বাৰা পুনৰ ৰাজ্যত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব বুলি জনায় সভানেত্ৰীগৰাকীয়ে ৷