অসম

assam

ETV Bharat / state

নিচিহ্ন হোৱাৰ দিশে এচিয়াৰ দ্বিতীয় বৃহৎ বৃক্ষজোপা - ঐতিহ্যমণ্ডিত থান

কালদিয়া নদীয়ে আৰু কিছু পৰিমাণে সুঁতি সলালেই চিৰদিনৰ বাবে নিচিহ্ন হৈ পৰিব থানখনৰ লগতে বিশাল বৃক্ষ জোপা ৷ বট গছজোপাত ভেঁকুৰ ধৰি এতিয়া বৃহৎ অংশ নষ্ট হ'বলৈ ধৰিছে ৷

Pathsala big tree story
নিচিহ্ন হোৱাৰ দিশে এচিয়াৰ দ্বিতীয় বৃহৎ বৃক্ষজোপা

By

Published : Aug 18, 2020, 7:46 PM IST

Updated : Aug 18, 2020, 10:19 PM IST

পাঠশালা, 18 আগষ্ট: নামনি অসমৰ এক অন্যতম ধৰ্মীয় ঐতিহ্য ক্ষেত্ৰ হৈছে পাঠশালাৰ জালিখাটাস্থিত কলিবাৰী থান ৷ ইয়াতেই আছে এচিয়াৰ দ্বিতীয় বৃহৎ বৃক্ষ ৰূপে জনাজাত বিশাল বটগছ জোপা ৷ বহু লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বট গছজোপাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা কলিবাৰী থানখনলৈ অগণন লোকৰ লগতে ৰাজনৈতিক নেতাৰ আগমন ঘটে ৷ ইয়াৰোপৰি প্ৰতি বছৰে গছজোপাৰ জন্ম দিৱস পালন কৰি আহিছে স্থানীয় ৰাইজে ৷ কিন্তু বহু ৰাজনৈতিক নেতাৰ দৃষ্টি পৰা পাছতো ক্ৰমাৎ নিচিহ্ন হোৱাৰ পথত এই ঐতিহ্যমণ্ডিত থানখন ৷

দৰাচলতে, প্ৰলয়ংকাৰী গৰাখহনীয়াৰ কবলত পৰিছে এচিয়াৰ দ্বিতীয় বৃহৎ বৃক্ষ ৰূপে পৰিচিত বিশাল বটবৃক্ষ জোপা ৷ লগতে সংকট নামি আহিছে ঐতিহ্যমণ্ডিত থানখনলৈ ৷ থানখনৰ গাতে লাগি থকা কালদিয়া নদীয়ে সুঁতি সলাই বিপদ মাতিছে থানখনলৈ ৷ ইতিমধ্যে থানখনৰ কেবা বিঘা মাটি জাহ গৈছে কালদিয়া নদীৰ বুকুত ৷

নিচিহ্ন হোৱাৰ দিশে এচিয়াৰ দ্বিতীয় বৃহৎ বৃক্ষজোপা

উল্লেখ্য যে, কালদিয়া নদীয়ে আৰু কিছু পৰিমাণে সুঁতি সলালেই চিৰদিনৰ বাবে নিচিহ্ন হৈ পৰিব থানখনৰ লগতে বিশাল বৃক্ষ জোপা ৷ বট গছজোপাত ভেঁকুৰ ধৰি এতিয়া বৃহৎ অংশ নষ্ট হ'বলৈ ধৰিছে ৷ বাৰে-বাৰে ৰাজ্য চৰকাৰ আৰু বন বিভাগক এই সম্বন্ধে জনোৱাৰ পাছতো আজিকোপতি বিভাগটোৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷ যদিহে শীঘ্ৰে থানখনৰ লগতে বৃক্ষজোপাৰ বাবে বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ধ্বংস হোৱাৰ দিশত আন এক ঐতিহ্য ৷

লগতে পঢ়ক :বৰপেটা মেডিকেল কলেজ হাস্পতালত ৰক্তৰ অবৈধ বেহা উৎখাত

Last Updated : Aug 18, 2020, 10:19 PM IST

ABOUT THE AUTHOR

...view details