অসম

assam

ETV Bharat / state

ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাক লৈ বিতৰ্ক

কোনো কাৰণতে উচ্চতৰ মাধ্যমিক শাখা বন্ধ হ’ব নোৱাৰিব বুলি দাবী জনায় শনিবাৰে অনুষ্ঠিত হয় নাগৰিক সভা ৷

By

Published : Jun 15, 2019, 7:49 PM IST

ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাক লৈ বিতৰ্ক

পাঠশালা , 15 জুন: দুই এদিনতে নামনি অসমৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয় ৰূপান্তৰিত হৈ পৰিব ভট্টদেৱ বিশ্ববিদ্যালয়লৈ l কিন্তু এনে মুহূৰ্ততে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতত প্ৰশ্ন বোধক চিহ্ন উত্থাপিত হোৱাত,উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তি বিষয় আৰু উচ্চতৰ মাধ্যমিক শাখা বন্ধ কৰাক কেন্দ্ৰ কৰি মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হয় এক নাগৰিক সভা l বজালীৰ প্ৰায়বোৰ দল সংগঠনৰ প্ৰতিনিধি আৰু নাগৰিক সভাই শনিবাৰে উক্ত সভাত সহমত উপনীত হৈ সিদ্ধান্ত লয় যে কোনো কাৰণতে বন্ধ হ’ব নোৱাৰিব উচ্চতৰ মাধ্যমিক শাখা ৷ ইতিমধ্যে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তিৰ ক্ষেত্ৰত মহাবিদ্যালয়খনত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক ৷ এচাম লোকৰ তৎপৰতাত নামভৰ্তি বন্ধ কৰাৰ প্ৰক্ৰিয়া প্ৰায় হৈ উঠিছিল যদিও ছাত্ৰ একতা সভাৰ প্ৰতিবাদৰ পৰিণতিত ইতিমধ্যে নামভৰ্তি সম্পন্ন হৈছে ৷ বিশেষকৈ এটা চক্ৰই উচ্চতৰ মাধ্যমিক শাখা উঠাই দিবলৈ উঠিপৰি লগাৰ অভিযোগ উত্থাপন হৈছে ৷ এনে পৰিস্থিতিত এতিয়া নামভৰ্তি কৰা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু অনাগত সময়ত উচ্চতৰ মাধ্যমিক শাখা কি হ’ব এই বিষয় সন্দৰ্ভত চৰকাৰলৈ আহ্বান নাগৰিক সভাৰ ৷

ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাক লৈ বিতৰ্ক

ABOUT THE AUTHOR

...view details