পাঠশালা, 1 অক্টোবৰ :নামনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি পাটাছাৰকুছি বিজেপিক এৰি দিয়াৰ পক্ষপাতী নহয় অসম গণ পৰিষদ ৷ ইতিমধ্যে বিজেপিয়ে সমষ্টিটো অগপক এৰি দিয়া নহয় বুলি স্পষ্ট কৰি দিছে যদিও এইক্ষেত্ৰত অগপই আগবঢ়াইছে এক বিপৰীত মন্তব্য ৷ দেওবাৰে পাঠশালাত উদ্বোধন কৰা হয় অগপৰ এক স্থায়ী কাৰ্যালয় ৷ এই কাৰ্যালয়টো উদ্বোধন কৰে বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ দাসে ৷ তাৎপৰ্যপূৰ্ণভাৱে দলীয় কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত নাছিল সমষ্টিটোৰ বৰ্তমানৰ অগপ বিধায়ক পবিন্দ্ৰ ডেকা ৷
শংখ, তাল আদি বজাই মাংগলিক কাৰ্যসূচীৰে উদ্বোধন কৰা কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে শেহতীয়াকৈ অগপ দলত যোগদান কৰা ড৹ ৰঞ্জিত ডেকা ৷ এই অনুষ্ঠানতে 2021 ৰ নিৰ্বাচনত ড৹ ডেকাক অগপৰ দলীয় টিকট প্ৰদান কৰাৰ সম্পৰ্কত আশ্বস্ত কৰে বিধায়ক গুণীন্দ্ৰ দাসে ৷ বৃহত্তৰ বজালী অঞ্চলৰ শৈক্ষিক আৰু সামাজিক দিশত যথেষ্ট অৱদান আছে আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা অধ্যক্ষ ড৹ ৰঞ্জিত ডেকাৰ ৷ এনে অৱস্থাত পাটাছাৰকুছি সমষ্টিবাসীয়ে ডেকাক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী নিৰ্বাচনত স্পষ্ট হৈ পৰিব ৷